চৰকাৰী চাকৰি বাদ দি এইগৰাকী অসমীয়াই আৰম্ভ কৰিলে নিজৰ ব্যবসায়, এতিয়া সমগ্ৰ বলীউদ তেওঁ ডিজাইন কৰা কাপোৰৰ অনুৰাগী

Homeসফলতাৰ কাহিনী

চৰকাৰী চাকৰি বাদ দি এইগৰাকী অসমীয়াই আৰম্ভ কৰিলে নিজৰ ব্যবসায়, এতিয়া সমগ্ৰ বলীউদ তেওঁ ডিজাইন কৰা কাপোৰৰ অনুৰাগী

মই জোতাত কলমেৰে ‘Adidas’  লিখি লৈছিলো, এতিয়া ‘Adidas’-এ জোতাত মোৰ নাম লিখে

গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযন্তা  আছিল তেওঁ। কিন্তু দহ বছৰীয়া এই চৰকাৰী চাকৰিটো তেওঁ এদিন হঠাৎ পৰিত্যাগ কৰাৰ সিদ্ধান্ত লয়। নিজাকৈ কিবা এটা কৰাৰ প্ৰবল ইচ্ছাৰ বাবে তেওঁ ত্যাগ কৰিলে চাকৰি জীৱন।

নিজাকৈ কিবা এটা কৰাৰ প্ৰবল ইচ্ছাই তেওঁক মাতি লৈ গ’ল অন্য এক চিনাকিলৈ। তেওঁক নাম সংযুক্তা দত্ত। বলীউডত অত্যন্তই চহকী অসম জীয়ৰী সংযুক্তা।

গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তাৰ চাকৰিটো বাদ দি তেওঁ নিজাকৈ কাপোৰ ডিজাইন কৰাত মনোনিবেশ কৰিছিল। আৰু সেয়াই আছিল তেওঁৰ স্বাবলম্বীতাৰ কাহিনীৰ আৰম্ভনী।

সৰুৰে পৰা কাপোৰত ডিজাইন কৰি পিন্ধিছিল সংযুক্তাই । সকলোৱে দেখি খুব প্ৰশংসা কৰিছিল আৰু এই প্ৰশংসাই যেন আছিল তেওঁৰ প্ৰেৰণাৰ উৎস ।

কলেজত পঢ়ি থকা সময়ত নিজে ডিজাইন কৰি পিন্ধা কাপোৰৰ বাবে বহুত ভাল Comment পাইছিলো, যিবোৰ মন্তব্যৰ আলমতে ডিজাইনিঙৰ নিচিনা পেছাৰ লগত জড়িত হৈ পৰিলো । ভগৱানে কৰাত ডিজাইনিঙৰ ক্ষেত্ৰত অলপ হ’লেও সফল হৈছো ।

সংযুক্তা দত্তই জিজাইন কৰা অসমীয়া পৰম্পৰাগত সাজ পৰিধান কৰি সকলোকে চমক দি আহিছে বলিউডৰ কেইবাগৰাকীও আগশাৰীৰ অভিনেত্ৰীয়ে। তেওঁলোকৰ ভিতৰত দিব্যা খোচলা কুমাৰ, প্ৰিতী জিন্টা, ঐস্বৰ্য়া ৰায় প্ৰমুখ।

ডিজাইনিংৰ সমান্তৰালকৈ সংযুক্তা দত্তই নিজৰ লগতে অসমৰ বহু যুৱক-যুৱতীৰ বাবে জীৱিকাৰ পথ মুকলি কৰি দিছে। লগতে অসমৰ থলুৱা হস্ততাত আৰু বস্ত্ৰ শিল্পক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ লৈ যোৱাত সংযুক্তা দত্তৰ যথেষ্ট অৱদান আছে।

সংযুক্তা দত্ত – হাজাৰটা প্ৰত্যাহ্বান নেওচি ই-বাণিজ্যৰ বিতৰণ ব্যৱস্থাটোক ব্যৱসায় হিচাবে লৈ সফলতাৰ শিখৰত উপনীত হোৱা এগৰাকী উদ্যমী মহিলা। এই ব্যৱসায়ৰ দ্বাৰা নিজৰ লগতে বহু যুৱক-যুৱতীৰ বাবে জীৱিকাৰ পথ মুকলি কৰি দিয়া সংযুক্তা দত্তই আজিৰ তাৰিখত বহু মহিলাৰ বাবে আদৰ্শ স্বৰূপ।

loading...

COMMENTS

WORDPRESS: 0