কটন বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ অনলাইন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

Homeবাতৰি

কটন বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ অনলাইন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

কেতিয়া প্ৰকাশ পাব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে কটন বিশ্ববিদ্যালয়ৰ জাননী প্ৰকাশ
Liberal Arts: অসমৰ বাবে নতুন এই পাঠ্যক্ৰম আৰম্ভ কৰিছে কটন বিশ্ববিদ্যালয়ে

স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে অপেক্ষাৰত মেধাবী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ  ২০২০-২১ বৰ্ষৰ স্নাতক মহলাৰ নামভৰ্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

২৪ জুলাইৰ পৰা আৰম্ভ হোৱা এই নামভৰ্তি প্ৰক্ৰিয়া অহা ৭ আগষ্টৰ সন্ধিয়া ৭ বজা পৰ্যন্ত চলিব আৰু ১১ আগষ্টত প্ৰথমখন তালিকা (Merit list) প্ৰকাশ পাব। বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড০ সঞ্জয় কুমাৰ দত্তই এক জাননী জাৰি কৰি এই কথা সদৰী কৰিছে।

ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট ত  গৈ নাম পঞ্জীয়ন কৰাৰ লগতে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৱেবচাইট উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৱেবচাইট ত ইউনিক আইডি তৈয়াৰ কৰিব লাগিব। উল্লেখ্য যে, এইবাৰ কটন বিশ্ববিদ্যালয়ে কেৱল অনলাইনৰ মাধ্যমেৰেহে প্ৰ-পত্ৰ গ্ৰহণ কৰিব বুলি সদৰী কৰিছে।

নামভৰ্তি প্ৰক্ৰিয়াৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক।

কটন বিশ্ববিদ্যালয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগষ্টৰ দ্বিতীয় সপ্তাহতেই Extra-Curricular আৰু বিশেষভাৱে সক্ষম (EC & DA) শিতানত আবেদন কৰা ছাত্ৰ-ছাত্ৰীৰ নথিৰ বাবে জাননী জাৰি কৰা হ’ব আৰু প্ৰাৰ্থীসকলে আবেদন পত্ৰ পূৰাওতে লাভ কৰা আবেদনখনৰ সৈতে প্ৰয়োজনীয় নথি-পত্ৰসমূহ মনোনীত ই-মেইললৈ প্ৰেৰণ কৰিব লাগিব।

১১ আগষ্টত মেধা ভিত্তিক তালিকা বিশ্ববিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ হ’ব। লগতে নামভৰ্তি/ কাউন্সেলিঙৰ তাৰিখ আগষ্টৰ দ্বিতীয় সপ্তাহত বিশ্ববিদ্যালয়ে জাৰি কৰিব বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে, কটন বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ৰ কলা শাখাত এইবাৰ মনোবিজ্ঞান তথা সমাজ বিজ্ঞানৰ সন্মানীয় পাঠ্যক্ৰমৰ লগতে লিবাৰেল আৰ্টছ শিতানৰো পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে।

loading...

COMMENTS

WORDPRESS: 0