ভাল খবৰ: অসমৰ বন বিভাগত ১,০৮১ টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ

Homeচাকৰি

ভাল খবৰ: অসমৰ বন বিভাগত ১,০৮১ টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ

অসম পুলিচ হাবিলদাৰ পদৰ প্ৰবেশ পত্ৰ দি থকা হৈছে – ইয়াক কেনেকৈ লাভ কৰিব
আপোনাৰ Curriculum Vitae বা Resume খন কেনেকৈ প্ৰস্তুত কৰিব?
সেনাবাহিনীৰ বিষয়া পৰ্যায়ত যোগদানৰ বাবে কেনেদৰে প্ৰস্তুত হ’ব লাগিব?

অসম চৰকাৰৰ বন বিভাগত খালী হৈ থকা বিভিন্ন বৰ্গৰ বহুকেইটা পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।  ইয়াৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা অনলাইনযোগে আবেদন বিচৰা হৈছে।

মুঠ পদৰ সংখ্যা ১,০৮১ টা। ইয়াৰে Forester-I ৰ ১৪৪ টা, Stenographer (Grade III) ৰ ১১ টা, Forest Guard ৰ ৮১২ টা, Surveyor ৰ ৩৫ টা, Mahut ৰ ২৮ টা, Carpenter ৰ এটা আৰু Driver ৰ ৫০ টা। ইতিমধ্যে যোৱা ২৫ মে’ৰ পৰা প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অহা ২৫ জুন ইয়াৰ অন্তিম তাৰিখ।

Forester-I: মুঠ পদৰ সংখ্যা ১৪৪ টা। দৰমহা নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা আৰু গ্ৰেড পে ৬,৪০০ টকা। প্ৰাৰ্থী কোনো স্বীকৃত বিশ্ববিদ্যালয় বা শিক্ষা প্ৰতিস্থানৰ পৰা স্নাতক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব।

Stenographer (Grade III):  মুঠ পদৰ সংখ্যা ১১ টা। দৰমহা নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা আৰু গ্ৰেড পে ৮,৭০০ টকা। প্ৰাৰ্থী কোনো স্বীকৃত বিশ্ববিদ্যালয় বা শিক্ষা প্ৰতিস্থানৰ পৰা স্নাতক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব।

Forest Guards: মুঠ পদৰ সংখ্যা ৮১২ টা। দৰমহা নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা আৰু গ্ৰেড পে ৫,৬০০ টকা। প্ৰাৰ্থী কোনো স্বীকৃত বোৰ্ড বা শিক্ষা পৰিষদৰ পৰা উচ্চতৰ মাধ্যমিক (১০+২) বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব।

Surveyor: মুঠ পদৰ সংখ্যা ৩৫ টা। দৰমহা নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা আৰু গ্ৰেড পে ৬,২০০ টকা। প্ৰাৰ্থী প্ৰৱেশিকা (HSLC) বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ উপৰি কোনো স্বীকৃত প্ৰতিষ্ঠানৰ পৰা Draftsmanship ৰ প্ৰমানপত্ৰ থকা হ’ব লাগিব।

Mahut: মুঠ পদৰ সংখ্যা ২৮ টা। দৰমহা নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা আৰু গ্ৰেড পে ৫,০০০ টকা। প্ৰাৰ্থী অষ্টম শ্ৰেণী বা সমপৰ্যায়লৈ শিক্ষাগত অৰ্হতা থকাৰ উপৰিও ন্যূনতম তিনি বছৰৰ হাতী পৰিচালনা কৰাৰ অভিজ্ঞতাসম্পন্ন হ’ব লাগিব।

Carpenter: মুঠ পদৰ সংখ্যা এটা। দৰমহা নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা আৰু গ্ৰেড পে ৫,০০০ টকা। প্ৰাৰ্থী প্ৰৱেশিকা (HSLC) বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে কোনো স্বীকৃত প্ৰতিষ্ঠানৰ পৰা trade certificate থকা হ’ব লাগিব।

Driver: মুঠ পদৰ সংখ্যা ৫০ টা। দৰমহা নিৰিখ ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা আৰু গ্ৰেড পে ৫,২০০ টকা। প্ৰাৰ্থী প্ৰৱেশিকা (HSLC) বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে অসমৰ কোনো দায়িত্বপ্ৰাপ্ত কৰ্তৃপক্ষৰ পৰা পোৱা চাৰিচকীয়া বাহন চালনৰ অনুজ্ঞাপত্ৰ থকা হ’ব লাগিব।

বয়স:

Forester-I আৰু Stenographer (Grade III) পদৰ প্ৰাৰ্থীৰ বয়স ২০২০ চনৰ ১ জানুৱাৰী তাৰিখে ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৰ্থাত্ প্ৰাৰ্থী ১৯৮২ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৯৯ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ’ব লাগিব।

Forest Guard, Surveyor, Mahut, Carpenter আৰু Driver পদৰ বাবে প্ৰাৰ্থীৰ বয়স ২০২০ চনৰ ১ জানুৱাৰী তাৰিখে ১৮ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৰ্থাত্ প্ৰাৰ্থী ১৯৮২ চনৰ ১ জানুৱাৰীৰ পৰা ২০০২ চনৰ ১ জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ’ব লাগিব।

অনুসূচীত জাতি, অনুসূচীত জনজাতি (পাৰ্বত্য আৰু ভৈয়াম) শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰৰ বয়সৰ উৰ্ধসীমা ৰেহাই দিয়া হ’ব। একেদৰে অন্যান্য আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ৩ বছৰৰ বয়সৰ উৰ্ধসীমা ৰেহাই দিয়াৰ ব্যৱস্থা আছে।

প্ৰতিটো পদৰ বাবে অনুসূচীত জাতি, অনুসূচীত জনজাতি (পাৰ্বত্য আৰু ভৈয়াম), অন্যান্য আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ পুৰুষ-মহিলা উভয়ৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

আবেদন প্ৰক্ৰিয়া:

ইচ্ছুক প্ৰাৰ্থীয়ে State Level Police Recruitment Board, Assam ৰ ৱেবচাইট www.slprbassam.in ত লগ অন কৰি অনলাইনযোগে আবেদন কৰিব পাৰিব।  অধিক খবৰৰ বাবে এই ৱেবচাইটত ২৫ মে’, ২০২০ ত প্ৰকাশ কৰা SLPRB/REC/Forest/GD-III/1081/2020/179 নম্বৰৰ বিজ্ঞাপনটো চাব পাৰে।

সবিশেষ তথ্যৰ বাবে ইয়াত ক্লিক কৰক

loading...

COMMENTS

WORDPRESS: 0