আপোনাৰ Curriculum Vitae বা Resume খন কেনেকৈ প্ৰস্তুত কৰিব?

Homeচাকৰি

আপোনাৰ Curriculum Vitae বা Resume খন কেনেকৈ প্ৰস্তুত কৰিব?

ভাল খবৰ: অসমৰ বন বিভাগত ১,০৮১ টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ
অসম পুলিচ হাবিলদাৰ পদৰ প্ৰবেশ পত্ৰ দি থকা হৈছে – ইয়াক কেনেকৈ লাভ কৰিব
অসম লোকসেৱা আয়োগ – পৰীক্ষা আৰু পাঠ্যক্ৰম

এটা চাকৰি আপোনাৰ বাবে নিশ্চয়কৈ বহু প্ৰত্যাশিত। কিন্তু কোনো এটা চাকৰি পাবলৈ আপুনি কি কি বিষয়ত গুৰুত্ব দিয়ে?

আপুনি কোনো এটা চাকৰিৰ বিজ্ঞাপন পাইছে আৰু সেই চাকৰিটোত আপুনি নিযুক্ত হ’ব লাগে। দেখিছে যে আপোনৰ সেই চাকৰিটো লাভ কৰিব পৰা যোগ্যতা আছে আৰু সেইটো হ’ব আপোনাৰ বাবে এটা সুন্দৰ চাকৰি। কিন্তু বৰ্তমানৰ প্ৰতিযোগীতাৰ পৃথিৱীত চাকৰি এটা পোৱাৰ ক্ষেত্ৰত বহুতো দিশ মন কৰিবলগীয়া থাকে।

আপোনাৰ পৰ্যাপ্ত যোগ্যতা বা সম্ভাৱনীয়তা থাকিলেও চাকৰি এটা লাভৰ বাবে সেই দিশসমূহৰ প্ৰতি মন দিয়াটো নিত্যান্তই প্ৰয়োজন। তাৰ ভিতৰত এটা হৈছে আপোনাৰ Curriculum Vitae (CV) বা Resume।

বহুসময়ত দেখা যায় যে কোনো এটা চাকৰি লাভৰ বাবে আপোনাৰ সকলোখিনি যোগ্যতা আছে। আপুনি আপোনাৰ CV পঠিয়াইছে কিন্তু আপোনালৈ প্ৰতিষ্ঠানটোৰ পৰা আমন্ত্ৰণ (Call) নাহিল। সাধাৰণতে এনে বহু ক্ষেত্ৰত CV খন কাৰণ হৈ পৰে। গতিকে আপোনাৰ CV খন সৰ্বাংগ সুন্দৰ হোৱাত মন দিয়া উচিত।

এখন সৰ্বাংগ সুন্দৰ CV বা resume প্ৰস্তুতৰ বাবে কিছুমান বিষয়ত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যেনে-

  • CV বা resume খন প্ৰস্তুত কৰাৰ সময়ত বহু কেইটা আৰ্হিৰ মাজৰ পৰা এনে এটা আৰ্হি বাচি লোৱা দৰকাৰ যিটো আনবোৰতকৈ ভাল।
  • আপোনাৰ অৰ্হতাসমূহ তাত কেনেকৈ অন্তৰ্ভূক্ত কৰিব?
  • কোনো এটা চাকৰি পাবৰ বাবে আপোনাৰ অভিজ্ঞতাসমূহ চিভি বা resume ত কেনেকৈ লিপিবদ্ধ কৰিব?

সাধাৰণভাবে ক’বলৈ গ’লে CV বা resume হৈছে প্ৰাৰ্থী এজনৰ দক্ষতা আৰু অভিজ্ঞতাসমূহ দাঙি ধৰাৰ এটা আহিলা। এটা সুন্দৰ চাকৰি পাবৰ বাবে এখন সুন্দৰ CV ৰ নিশ্চয়কৈ দৰকাৰ।

গতিকে CV বা resume খন প্ৰস্তুত কৰাৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে নিয়োগকৰ্তাই আন বহু দক্ষতাসম্পন্ন প্ৰাৰ্থী মাজৰ পৰা যাতে আপোনাৰ CV বা resume খন বচনি কৰে।

CV বা Curriculum Vitae আৰু Resume ৰ মাজত পাৰ্থক্য আছে। লেটিন ভাষাৰ শব্দ ‘Curriculum Vitae’ ৰ অৰ্থ হৈছে ‘Course of life’ অৰ্থাত ‘জীৱনৰ গতিপথ’। CV এখনত প্ৰাৰ্থীগৰাকীৰ জীৱনৰ বিভিন্ন অৰ্হতা, দক্ষতা, কৃতিত্ব, অভিজ্ঞতা, বিভিন্ন সংস্থাৰ লগত জড়িতৰ তথ্য উপস্থাপন হয়।

কিন্তু resume হৈছে CV এখনৰ সংক্ষিপ্ত ৰূপ। ইয়াত সাধাৰণতে প্ৰাৰ্থীগৰাকীৰ দক্ষতা আৰু কৃতিত্বসমূহ সন্নিবিষ্ট হয় আৰু ই কেৱল নিয়োগ সম্পৰ্কীয় কাৰণৰ লগতহে জড়িত।

ব্ৰিটেইন আৰু আয়াৰলেণ্ড আদি দেশত চাকৰিৰ বাবে আবেদনৰ বাবে প্ৰাৰ্থীয়ে CV প্ৰেৰণ কৰিব লাগে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদিৰ বেছিভাগ resume ব্যৱহাৰ হয়।

ভাৰত, অষ্ট্ৰেলিয়া আদিত চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত CV বা resume দুয়োটাই ব্যৱহাৰ হয়। কিন্তু মূল কথাটো হ’ল কি চাকৰিৰ বাবে আবেদন কৰিব লাগে।

Curriculum Vitae ত কি কি সন্নিবিষ্ট কৰিব?

১। প্ৰাৰ্থীৰ ফটোঃ  CV এখনৰ ওপৰত প্ৰাৰ্থীগৰাকীৰ এখন প্ৰফেশ্যনেল পাছপ’ৰ্ট আকাৰৰ ফটো সংলগ্ন ব্যৱহাৰ কৰিব পাৰে। কিন্তু ফটোখন বাধ্যতামূলক নহয়।

২। প্ৰাৰ্থীৰ নাম আৰু যোগাযোগৰ সবিশেষঃ CV খনৰ ওপৰভাগত প্ৰথমতে প্ৰাৰ্থীগৰাকীৰ নাম, ঠিকনা, ফোন নম্বৰ, ই-মেইল এড্ৰেচ উল্লেখ কৰিব লাগে। প্ৰাৰ্থীগৰাকীয়ে নিজৰ স্থায়ী ঠিকনা আৰু বৰ্তমানৰ ঠিকনা আদি বেলেগ বেলেগকৈ উল্লেখ কৰিলে কেতিয়াবা নিয়োগকৰ্তাই কোনটো ঠিকনাত যোগাযোগ কৰিব সেই বিষয় লৈ অসুবিধাত পৰে। গতিকে এটা ঠিকনা ব্যৱহাৰ কৰাটো ভাল আৰু সেয়া বৰ্তমানৰ ঠিকনা হোৱাটো উচিত।

৩।  ব্যক্তিগত মন্তব্য (Personal statement): CV খনত প্ৰাৰ্থীজনে নিজৰ বিষয়ে এটা দফাত কিছু কথা লিখিব পাৰে। এইটো অৱশ্য বাধ্যতামূলক নহয়। নিজৰ বিষয়ে মন্তব্যত সঁচাটোহে লিখা দৰকাৰ য’ত প্ৰাৰ্থীজনৰ যোগ্যতা বা সক্ষমতা প্ৰকাশ পায়। এই লিখনিত ‘jargon’ এৰাই চলাটো দৰকাৰ।

৪। মূল দক্ষতা, জ্ঞান আৰু কৃতিত্ব, অভিজ্ঞতাৰ অন্তৰ্ভূক্তিঃ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ দক্ষতা, জ্ঞান আৰু কৃতিত্বসমূহ CV ত অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত তেওঁ কোনটো ক্ষেত্ৰৰ চাকৰিৰ বাবে আবেদন কৰিব বিচাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰা দৰকাৰ। একেবাৰে শেহতীয়া অভিজ্ঞতা, প্ৰশিক্ষণ, কৃতিত্ব আদি একেবাৰে ওপৰত লিখিব লাগে। তাৰ পৰা ক্ৰমান্বয়ে পূৰ্বৰ অভিজ্ঞতা, প্ৰশিক্ষণ, কৃতিত্বসমূহ উল্লেখ কৰিব লাগে।

যদি প্ৰাৰ্থীগৰাকীৰ অভিজ্ঞতা বহু বেছি থাকে, তেনেক্ষেত্ৰত যি চাকৰিৰ বাবে আবেদন কৰা হ’ব তাৰ প্ৰাসংগিক অভিজ্ঞতাসমূহহে  উল্লেখ কৰা দৰকাৰ।

৫। শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীগৰাকীয়ে শিক্ষাগত অৰ্হতা উল্লেখ কৰাৰ ক্ষেত্ৰতো শেহতীয়া ডিগ্ৰীটো ওপৰত উল্লেখ কৰি ক্ৰমান্বয়ে আগৰবোৰলৈ যাব লাগে। ডিগ্ৰী, গ্ৰেড/শ্ৰেণী/ডিভিজন, ইউনিভাৰ্চিটি/ শিক্ষানুষ্ঠান, পাছ কৰাৰ বছৰ আদি শুদ্ধভাবে উল্লেখ হ’ব লাগে। কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে CV খন শিক্ষাগত অৰ্হতাৰে আৰম্ভ কৰিব নালাগে। কাৰণ নিয়োগকৰ্তাই শিক্ষাগত অৰ্হতাতকৈ  অভিজ্ঞতা আৰু দক্ষতাৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে।

৬। বাক্য, বানান আৰু ব্যাকৰণ শুদ্ধ হোৱাটো বাঞ্চনীয়ঃ CV খন প্ৰস্তুত কৰাৰ সময়ত বাক্যৰ গাঠনি, বানান আৰু ব্যায়কৰণৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়াটো দৰকাৰ। এই ক্ষেত্ৰত ভুল চকুত পৰিলে নিয়োগকৰ্তাৰ মনত ঋণাত্মক ধাৰণৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

৭। মিছা কথা উল্লেখৰ পৰা বিৰত থকাঃ CV খনত কেতিয়াও কোনো মিছা তথ্য দিব নালাগে। নিজৰ লগত থকা অৰ্হতা, দক্ষতাহে কেৱল উল্লেখ হ’ব লাগে।

৮। চিভিৰ আকাৰ আৰু দৈৰ্ঘঃ CV খনৰ লে-আউট, ফ্ৰন্ট আদি প্ৰফেচনেল হ’ব লাগে।  চিভিখন বহু বেছি দীঘল হ’ব নালাগে, দুটা A4 আকাৰৰ পৃষ্ঠা তাৰ বাবে যথেষ্ঠ।

৯। কি কি কৰিব নালাগেঃ CV ত কেতিয়াও unprofessional E-mail ব্যৱহাৰ কৰিব নালাগে। যেনে উপনাম বা nick name আদিৰে প্ৰস্তুত কৰা ই-মেইল CV ত উল্লেখ কৰিব নালাগে।

চাকৰিৰ ক্ষেত্ৰত অপ্ৰাসংগিক বিষয়সমূহ পৰাপক্ষত এৰাই চলাটো ভাল। অভিৰুচি (Hobby), নিচা (Interest) আদি CV ৰ বাবে অদৰকাৰী আৰু এইবিলাক উল্লেখ কৰিব নালাগে।

ইয়াৰ উপৰিও চাকৰি জীৱনত বিৰতি (Break or gap) চিভিখনত দেখুৱাব নালাগে। CV খনত কেতিয়াও নিজৰ ঋণাত্মক দিশ উল্লেখ হ’ব নালাগে।

আপুনি ইন্টাৰনেটত বিচাৰিলে বহু CV ৰ আৰ্হি পাব, কিন্তু সকলো আৰ্হিয়েই আপোনাৰ অৰ্হতাক সুন্দৰভাবে প্ৰতিফলিত কৰিব পৰা ধৰণৰ নহয়। এটা সুন্দৰ আৰ্হি লৈ সুন্দৰভাবে নিজৰ তথ্যসমূহ দাঙি ধৰি CV খন প্ৰস্তুত কৰিব লাগে যাতে নিয়োগকৰ্তাৰ প্ৰথম দৃষ্টিতে আকৰ্ষণ হয়।

loading...

COMMENTS

WORDPRESS: 0