সেনাবাহিনীৰ বিষয়া পৰ্যায়ত যোগদানৰ বাবে কেনেদৰে প্ৰস্তুত হ’ব লাগিব?

Homeচাকৰি

সেনাবাহিনীৰ বিষয়া পৰ্যায়ত যোগদানৰ বাবে কেনেদৰে প্ৰস্তুত হ’ব লাগিব?

অসম পুলিচ হাবিলদাৰ পদৰ প্ৰবেশ পত্ৰ দি থকা হৈছে – ইয়াক কেনেকৈ লাভ কৰিব
আপোনাৰ Curriculum Vitae বা Resume খন কেনেকৈ প্ৰস্তুত কৰিব?
অসম লোকসেৱা আয়োগ – পৰীক্ষা আৰু পাঠ্যক্ৰম

ভাৰতৰ সেনা বাহিনী সমগ্ৰ বিশ্বৰ শক্তিশালী বাহিনী সমূহৰ ভিতৰত অন্যতম। দেশখনৰ প্ৰতিৰক্ষাৰ দায়িত্বত থকা সেনা বাহিনী তিনিটা গোটত বিভক্ত। এই ভাগ কেইটা হৈছে স্থল সেনা বাহিনী, নৌ সেনা বাহিনী আৰু বায়ু সেনা বাহিনী। তিনিওটা বাহিনীয়ে দেশৰ ভৌগলিক অখণ্ডতা আৰু জনগণৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই আহিছে।

তিনিওটা বাহিনীতে বিভিন্ন পৰ্যায়ৰ বিষয়া-জোৱান আছে। বিভিন্ন সময়ত নিযুক্তি প্ৰক্ৰিয়াৰে যুৱপ্ৰজন্মই তিনিওটা বাহিনীৰে বিভিন্ন পৰ্যায়ত যোগ দিব পাৰে। এই লেখাৰ জৰিয়তে ভাৰতৰ তিনি প্ৰকাৰৰ সেনাৰ বিষয়া পৰ্যায়ত কেনেধৰেণৰে যোগদান কৰিব পাৰি সেই বিষয়ে আভাস দিব বিচৰা হৈছে।

ভাৰতৰ সেনা বাহিনীসমূহৰ বিষয়া পৰ্যায়ত নিযুক্তিৰ বাবে Combined Defence Service বা চি ডি এছ পৰীক্ষা অনুষ্ঠিত হয়। ইউ পি এছ চিৰ জৰিয়তে বছৰত দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। পৰীক্ষাটোত উত্তীৰ্ণসকলক ইণ্ডিয়ান মিলিটেৰী একাডেমী, ইণ্ডিয়ান নেভেল একাডেমী, ইণ্ডিয়াত এয়াৰ ফ’ৰ্চ একাডেমী আৰু অফিচাৰ্চ ট্ৰেইনিং একাডেমীত নিযুক্তি দিয়া হয়। এই পৰীক্ষাৰ বাবে বছৰৰ জুন আৰু অক্টোবৰ মাহত জাননী বা বিজ্ঞাপন প্ৰকাশ পায়। পৰীক্ষা অনুষ্ঠিত হয় নৱেম্বৰ আৰু ফেব্ৰুৱাৰী মাহত।

কেৱল অবিবাহিত স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীয়েহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে চাৰ্ভিচ চিলেকশ্যন ব’ৰ্ডৰ দ্বাৰা হোৱা এটা সাক্ষাৎকাৰৰ পাছত যিকোনো কোনো এটা একাডেমীত নিযুক্তি লাভ কৰে।

বয়স:

চি ডি এছ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বয়সৰ সীমাবদ্ধতা আছে। ইয়াৰ জৰিয়তে ইণ্ডিয়ান মিলিটেৰী একাডেমী, ইণ্ডিয়ান নেভেল একাডেমী আৰু ইণ্ডিয়াত এয়াৰ ফ’ৰ্চ একাডেমীত নিযুক্তিৰ বাবে বয়সৰ উৰ্ধসীমা ২৪ বছৰ আৰু অফিচাৰ্চ ট্ৰেইনিং একাডেমীত নিযুক্তিৰ বাবে বয়সৰ উৰ্ধসীমা ২৫ বছৰ।

চি ডি এছ পৰীক্ষাৰ পদ্ধতি:

  • চি ডি এছ পৰীক্ষাত প্ৰথমতে লিখিত পৰীক্ষা আৰু পাছত সাক্ষাৎকাৰ অনুষ্ঠিত হয়। লিখিত পৰীক্ষা অফলাইন হয় আৰু ইয়াত Multiple Choice Question (MCQ) থাকে।
  • ইণ্ডিয়ান মিলিটেৰী একাডেমী, ইণ্ডিয়ান নেভেল একাডেমী আৰু ইণ্ডিয়াত এয়াৰ ফ’ৰ্চ একাডেমীৰ বাবে অৱতীৰ্ণ হ’লে লিখিত পৰীক্ষাত ইংৰাজী (১০০ নম্বৰ), সাধাৰণ জ্ঞান (১০০ নম্বৰ) আৰু প্ৰাথমিক গণিত (১০০ নম্বৰ) বিষয়ক প্ৰশ্ন থাকিব।
  • অফিচাৰ্চ ট্ৰেইনিং একাডেমীৰ বাবে লিখিত পৰীক্ষা ইংৰাজী (১০০ নম্বৰ) আৰু সাধাৰণ জ্ঞান (১০০ নম্বৰ)বিষয়ক হ’ব। লিখিত পৰীক্ষাত প্ৰতিখন কাকতৰ বাবে দুঘন্টা সময় নিৰ্ধাৰিত থাকে।
  • ইণ্ডিয়ান মিলিটেৰী একাডেমী, ইণ্ডিয়ান নেভেল একাডেমী আৰু ইণ্ডিয়াত এয়াৰ ফ’ৰ্চ একাডেমীৰ বাবে প্ৰাৰ্থীগৰাকীয়ে মুঠ ৩৪০ টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। ইয়াৰে ইংৰাজী আৰু সাধাৰণ জ্ঞান বিষয়ত ১২০ টাকৈ আৰু প্ৰাথমিক গণিতত ১০০ টা প্ৰশ্ন থাকে।
  • অফিচাৰ্চ ট্ৰেইনিং একাডেমীৰ বাবে ইংৰাজীৰ ১২০ টা আৰু সাধাৰণ জ্ঞান বিষয়ত ১২০ টাকৈ মুঠ ২৪০ টা প্ৰশ্ন থাকে।
  • ইয়াত ঋণাত্মক নম্বৰ বা Negative mark ও থাকে। ঋণাত্মক নম্বৰ ১/৩ হিচাপত হয়। উত্তৰ ভুল হোৱাৰ উপৰিও OMR Sheet ত এটাতকৈ বেছি option বাচনি কৰিলেও ঋণাত্মক নম্বৰ পাবলগীয়া হয়।

সাক্ষাৎকাৰ:

  • লিখিত পৰীক্ষাত উত্তীৰ্ণ হ’লে সাক্ষাৎকাৰৰ সন্মুখীন হ’ব লাগিব। চাৰ্ভিচ চিলেকশ্যন ব’ৰ্ডৰ দ্বাৰা সাক্ষাৎকাৰ দুটা পৰ্যায়ত হয়। প্ৰথম পৰ্যায়ত  Screening Test হয়, য’ত Verbal and non-verbal tests আৰু  PPDT (Picture Perception & Description Test) হয়।
  • দ্বিতীয় পৰ্যায়ত প্ৰথমতে Psychological Test, ইয়াত Thematic Apperception Test (TAT), Word, Association Test (WAT), Situation Reaction Test (SRT), Self Description Test (SD) হয়। ইয়াৰ পাছত Group Testing Officers Test হয়। ইয়াত GD (Group Discussion), GPE (Group Planning Exercise), PGT (Progressive Group Task), HGT (Half Group Task), IOT, Command Task, Snake race/Group Obstacle Race, Individual lecture, FGT (Full Group Task) ইত্যাদি হয়। এই আটাইবোৰৰ পাছত Personal Interview আৰু শেষত Conference হয়।

যিসকল উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে সেনাৰ বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে তেওঁলোকে স্নাতক পৰ্যায়ত অধ্যায়ণ কৰি থকাৰ সময়তে Combined Defence Service বা চি ডি এছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকিব পাৰে।

loading...

COMMENTS

WORDPRESS: 0