অসম লোকসেৱা আয়োগ – পৰীক্ষা আৰু পাঠ্যক্ৰম

Homeচাকৰি

অসম লোকসেৱা আয়োগ – পৰীক্ষা আৰু পাঠ্যক্ৰম

ভাল খবৰ: অসমৰ বন বিভাগত ১,০৮১ টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ
সেনাবাহিনীৰ বিষয়া পৰ্যায়ত যোগদানৰ বাবে কেনেদৰে প্ৰস্তুত হ’ব লাগিব?
অসম পুলিচ হাবিলদাৰ পদৰ প্ৰবেশ পত্ৰ দি থকা হৈছে – ইয়াক কেনেকৈ লাভ কৰিব

অসম লোকসেৱা আয়োগ বা চমুকৈ এপিএছচিয়ে জনসাধাৰণৰ সেৱা কৰিবলৈ যোগ্য প্ৰাৰ্থী নিযুক্ত কৰাৰ বাবে ৰাজ্যিক স্তৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰে। এক বৈধ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে অসমৰ প্ৰশাসনৰ উপৰিও অন্যান্য কেতবোৰ চাকৰিত নিয়োগৰ ব্যৱস্থা কৰে। এ পি এছ চিৰ জৰিয়তে নিযুক্তি লাভৰ বাবে প্ৰাৰ্থীসকলৰ ৰাজ্যৰ জনসাধাৰণক সেৱা কৰাৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, দক্ষতা, যোগ্যতা, নেতৃত্বৰ প্ৰদানৰ ক্ষমতা, সততা আৰু উৎসাহ থাকিব লাগিব। ই হৈছে এক নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়া।

অসম লোকসেৱা আয়োগ হৈছে এক ভাৰতীয় চৰকাৰী সংস্থা। ভাৰত চৰকাৰ আইন,১৯৩৫ -ৰ বিধান অনুসৰি, ১ এপ্ৰিল ১৯৩৬ চনত অসম লোকসেৱা আয়োগ স্থাপন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় হৈছে গুৱাহাটীৰ খানাপাৰাৰ জৱাহৰ নগৰত।

অসম লোকসেৱা আয়োগৰ কাৰ্যাৱলী:

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩২০, অংশ চতুৰ্দশত  উল্লেখ কৰা অনুসৰি, আয়োগে অসম অসামৰিক সেৱাৰ সৈতে সম্পৰ্কিত সকলো বিষয়ৰ পৰামৰ্শ প্ৰদান কৰিব। আয়োগৰ অত্যাৱশ্যকীয় কামবোৰ নিম্নলিখিত ধৰণৰ-

১) বিভিন্ন পদত অসম চৰকাৰৰ প্ৰাৰ্থীৰ পৰোক্ষ প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিয়া।

২) এজন বিষয়াৰ পদোন্নতিৰ ক্ষেত্ৰত  সিদ্ধান্ত গ্ৰহণৰ বাবে চৰকাৰক পৰামৰ্শ দিয়া।

৩) চৰকাৰৰ অধীনত ৰাজ্যত কাম কৰা আৰু আয়োগে নিয়োগ কৰা সকলো বিষয়ত চৰকাৰক পৰামৰ্শ দিয়া।

৪) আয়োগে নিযুক্তিৰ নিয়ম আৰু পদ্ধতি তৈয়াৰ কৰাত চৰকাৰক পৰামৰ্শ প্ৰদান কৰে।

৫) আয়োগৰ চৰকাৰী কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু দৰমহা সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত চৰকাৰক পৰামৰ্শ প্ৰদান কৰে।

৬) আয়োগে ৰাজ্য চৰকাৰৰ বাবে বিভাগীয় পৰীক্ষা অনুষ্ঠিত কৰে।

এপিএছচি-ৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতাৰ চৰ্ত:

এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ, এজন প্ৰাৰ্থীয়ে আয়োগে নিৰ্ধাৰণ কৰা নিম্নলিখিত চৰ্তবোৰ পূৰণ কৰিব লাগিব।

১। প্ৰাৰ্থীজন এজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

২। এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ, প্ৰাৰ্থীজনৰ বয়স ২১ বছৰ বা ২১ বছৰৰ কম হ’ব নালাগিব আৰু ৩৮ বছৰৰ অধিক হ’ব নোৱাৰিব।

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে বয়সৰ উৰ্ধসীমা ৫ বছৰৰ বাবে ৰেহাই দিয়াৰ ব্যৱস্থা আছে। অৰ্থাৎ প্ৰাৰ্থীজনে ৪৩ বছৰলৈকে অৱতীৰ্ণ হ’ব পাৰে। অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ বাবে বয়সৰ উৰ্ধসীমা ৰেহায়ৰ ব্যৱস্থা আছে। বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰতো ৫ বছৰৰ বয়সৰ উৰ্ধসীমা ৰেহায়ৰ ব্যৱস্থা আছে, অৰ্থাৎ প্ৰাৰ্থীজনে ৪৩ বছৰ বয়সলৈকে আবেদন কৰিব পাৰে। এজন প্ৰাৰ্থীৰ বয়সৰ সীমা স্বীকৃতিপ্ৰাপ্ত শিক্ষা বোৰ্ড বা পৰিষদে জাৰী কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডৰ ওপৰত আধাৰিত কৰি গণনা কৰা হয়।

৩। ভাৰতৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰে প্ৰণয়ণ কৰা আইন অনুসৰি প্ৰতিষ্ঠা লাভ কৰা কোনো বিশ্ববিদ্যালয় বা সংসদে প্ৰণয়ণ কৰা আইন অনুসৰি স্থাপন হোৱা কোনো শিক্ষা প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৬ অনুসৰি স্বীকৃতিপ্ৰাপ্ত কোনো শিক্ষা প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰীধাৰী প্ৰাৰ্থী আবেদনৰ বাবে যোগ্য বিবেচিত হ’ব।

৪। যদি আবেদনৰ অন্তিম তাৰিখৰ আগতে চূড়ান্ত ফলাফল প্ৰকাশ নাপায়, তেনেক্ষেত্ৰত প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব।

৫। বিশেষভাবে সক্ষম ব্যক্তিসকলে প্ৰ-পত্ৰ পূৰণ কৰাৰ সময়ত পদটো উল্লেখ কৰি আবেদন কৰিব লাগে।

এপিএছচি-ৰ জৰিয়তে নিযুক্তি হোৱা বিভিন্ন চাকৰি:

এপিএছচিয়ে অসম চৰকাৰৰ বিভিন্ন খালী পদৰ বাবে প্ৰতি বছৰে বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰে। বিভিন্ন বিভাগত নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাসমূহ:

  • অসামৰিক সেৱা পৰীক্ষা
  • বিত্ত বিভাগৰ অধীনত অসম বিত্ত সেৱা (এফ এ অ’/টি অ’) (প্ৰত্যক্ষ নিযুক্তি)
  • পৰিৱেশ আৰু বন বিভাগৰ অধীনত বনাঞ্চলিক বিষয়া নিযুক্তিৰ
  • জুনিয়ৰ প্ৰশাসনিক পৰীক্ষা
  • কৃষি বিভাগৰ অধীনত কৃষি উন্নয়ণ বিষয়াৰ নিযুক্তি
  • উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ অধীনত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত অধ্যাপক নিযুক্তি
  • প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত আই এফ আই চি (ইন-চাৰ্ভিচ এডুকেচন), ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ডি আই ই টি নিযুক্তি
  • জনস্বাস্থ্য কাৰিকৰী বিভাগত সহকাৰী অভিযন্তা (চি) নিযুক্তি
  • নগৰ উন্নয়ন বিভাগৰ অধীনত সহকাৰী গৱেষক নিযুক্তি
  • এ পি এছ চি কাৰ্যালয়ত সহকাৰী প্ৰগ্ৰামাৰ নিযুক্তি
  • মৎস্য পালন বিভাগৰ অধীনত মীন উন্নয়ণ বিষয়া তথা সহযোগী কেডাৰ নিযুক্তি
  • উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ অধীনত অসম পলিটেকনিচত প্ৰতিষ্ঠানত প্ৰবক্তা নিযুক্তি
  • হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীনত এ.ই.(চিভিল)নিযুক্তি

এপিএছচিৰ অধীনত প্ৰাৰ্থীৰ বাচনি প্ৰক্ৰিয়া:

সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত দুটা ক্ৰমাগত পৰ্যায় থাকে:

১। প্ৰাৰম্ভিক পৰীক্ষা

২।মুখ্য পৰীক্ষা (লিখিত আৰু সাক্ষাৎকাৰ)

১। এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা (APSC Preliminary Examination)

প্ৰাৰম্ভিক পৰীক্ষাত দুঘণ্টাৰ বস্তুনিষ্ঠ প্ৰকাৰৰ একাধিক বিকল্প প্ৰশ্নৰ দুখন প্ৰশ্নকাকত থাকিব। প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে OMR (Optical Mark Recognition)Sheet প্ৰদান কৰা হ’ব। প্ৰাৰ্থীসকলে কেৱল ক’লা বল পেন ব্যৱহাৰ কৰিব লাগিব। OMR Sheet ত চিহ্নিত বিকল্পবোৰ সংশোধন কৰাৰ বাবে ইৰেজাৰ, ৰাসায়নিক, সংশোধন তৰল ব্যৱহাৰ কৰাটো নিষেধ, আৰু এনে ব্যৱহাৰৰ চিহ্ন থকা উত্তৰ শ্বীটবোৰৰ মূল্যাঙ্কন কৰা নহয়। এই পৰীক্ষাটো এটা স্ক্ৰীণিং পৰীক্ষা। মূল পৰীক্ষাত নামভৰ্তিৰ বাবে যোগ্য বুলি ঘোষণা কৰা প্ৰাৰ্থীসকলে প্ৰাৰম্ভিক পৰীক্ষাত লাভ কৰা নম্বৰবোৰ যোগ্যতাৰ অন্তিম ক্ৰম নিৰ্ধাৰণ কৰাৰ বাবে গণনা কৰা নহয়।

এপিএছচি-ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে প্ৰশ্নকাকতৰ বিন্যাস:

সাধাৰণ অধ্যয়ন-১ (General Studies-I)

মুঠ নম্বৰ – ২০০

সময় – ২ ঘন্টা

ধৰণ – বস্তুনিষ্ঠ

৩০% ৰ পৰা ৩৫% প্ৰশ্ন বাধ্যতামূলকভাৱে অসম সম্পৰ্কিত হ’ব।

প্ৰথম প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰিব লাগিব বিষয়সমূহ নিম্নলিখিত ধৰণৰ:

  • ভাৰতৰ পৌৰ ব্যৱস্থা
  • ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা
  • শেহতীয়া গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক ঘটনাসমূহ
  • ভাৰতৰ অৰ্থনীতি
  • ভাৰতত পৰিকল্পনা প্ৰক্ৰিয়া
  • অসম, ভাৰত আৰু বিশ্বৰ ভূগোল
  • ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা
  • অসম, ভাৰত আৰু বিশ্বৰ সংস্কৃতি আৰু সাহিত্য
  • অসম আৰু ভাৰতৰ ইতিহাস
  • অসমৰ বিশেষ প্ৰসংগৰে ভাৰতৰ স্বাধীনতা আন্দোলন
  • সাধাৰণ মানসিক ক্ষমতা

সাধাৰণ অধ্যয়ন-২ (General Studies-II)

মুঠ নম্বৰ – ২০০

সময় – ২ ঘন্টা

ধৰণ – বস্তুনিষ্ঠ

যোগ্যতা প্ৰাপ্ত কৰা প্ৰকৃতিৰ যোগ্যতাৰ বাবে ন্যূনতম ৩৩% নম্বৰ পাব লাগিব

দ্বিতীয় প্ৰশ্নকাকতত তলত দিয়া বিষয়সমূহৰ প্ৰশ্ন থাকিব:

  • বুজা (Comprehensive)
  • যোগাযোগৰ দক্ষতাসহ আন্তঃব্যক্তিগত দক্ষতা (Interpersonal skills, including communication skills)
  • যুক্তিসঙ্গত বিচাৰ আৰু বিশ্লেষণাত্মক সামৰ্থ্য (Logical reasoning and analytical ability)
  • সিদ্ধান্ত লোৱা আৰু সমস্যা সমাধান (Decision making and problem-solving)
  • সাধাৰণ মানসিক সামৰ্থ্য (General mental ability)
  • মৌলিক সংখ্যা (সংখ্যা আৰু তাৰ সম্পৰ্ক, প্ৰাবল্যৰ ক্ৰম ইত্যাদি) (১০ম শ্ৰেণী স্তৰ), ডাটা ব্যাখ্যা বা Data Interpretation (চাৰ্ট, গ্ৰাফ, তালিকা, ডাটা পৰ্যাপ্ততা ইত্যাদি) (১০ম শ্ৰেণী স্তৰ)

২। এপিএছচি মূল পৰীক্ষা (APSC Main Examination) (লিখিত আৰু সাক্ষাৎকাৰ):

লিখিত পৰীক্ষা

যোগ্যতাৰ ওপৰত আধাৰিত কৰি প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে এপিএছচিৰ মূল পৰীক্ষাৰ বাবে আবেদন কৰিব লাগিব। মুখ্য পৰীক্ষাত উপস্থিত হ’ব পৰা যোগ্য প্ৰাৰ্থীৰ সংখ্যা খালী পদৰ সংখ্যাৰ ১১-১২ গুণ থাকে। অৰ্থাৎ এটা পদৰ বাবে ১১-১২ জন প্ৰাৰ্থীৰ মাজত প্ৰতিযোগিতা হ’ব। এই পৰীক্ষা পাৰম্পৰিক নিবন্ধ প্ৰকাৰৰ হয়।

 প্ৰশ্নকাকত প্ৰকাৰ নম্বৰ সময়
প্ৰশ্নকাকত ১ ৰচনাত্মক ২৫০ ৩ ঘন্টা
প্ৰশ্নকাকত ২-৬ লৈ সাধাৰণ অধ্যয়ণ ২৫০ প্ৰতিখনত ৩ ঘন্টা প্ৰতিখনত
প্ৰশ্নকাকত ৭ বৈকল্পিক বিষয়ৰ প্ৰশ্নকাকত – ১ ২৫০ ৩ ঘন্টা
প্ৰশ্নকাকত ৮ বৈকল্পিক বিষয়ৰ প্ৰশ্নকাকত – ২ ২৫০ ৩ ঘন্টা

প্ৰাৰ্থীয়ে নিম্নলিখিত তালিকাৰ পৰা যিকোনো দুটা বিষয় বাছনি কৰিব পাৰে। প্ৰতিটো বিষয়ৰ ২০০ নম্বৰৰ দুখন প্ৰশ্নকাকত থাকিব।

প্ৰশ্নকাকত ৭ আৰু ৮-ৰ বাবে বৈকল্পিক বিষয়ৰ পাঠ্যক্ৰম নিম্নলিখিত ধৰণৰ:

  • কৃষি
  • নৃতত্ব বিজ্ঞান
  • পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • কেমিকেল ইঞ্জিনিয়াৰিং
  • চিভিল ইঞ্জিনিয়াৰিং
  • ৰসায়ন বিজ্ঞান
  • বাণিজ্য
  • কম্পিউটাৰ বিজ্ঞান
  • অৰ্থনীতি বিজ্ঞান
  • শিক্ষা
  • ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং
  • ইলেক্ট্ৰনিকচ
  • মৎস্য বিজ্ঞান
  • ভূগোল
  • ভূতত্ব বিজ্ঞান
  • ভাৰতীয় ইতিহাস
  • আইন
  • গণিত
  • মেকানিকেল ইঞ্জিনিয়াৰিং
  • চিকিৎসা বিজ্ঞান
  • পদাৰ্থ বিজ্ঞান
  • ৰাজনীতি বিজ্ঞান
  • মনোবিজ্ঞান
  • সমাজতত্ব
  • পৰিসংখ্যা
  • প্ৰাণীবিজ্ঞান

আধুনিক ভাষা আৰু সাহিত্য আৰু শাস্ত্ৰীয় ভাষা (যিকোনো এটা)

  • অসমীয়া
  • বাংলা
  • ইংৰাজী
  • হিন্দী
  • আৰৱী
  • পাৰ্চী
  • সংস্কৃত
  • বড়ো

প্ৰাৰ্থীসকলক বিষয়ৰ নিম্নলিখিত মিশ্ৰণ বাচনি কৰিবলৈ অনুমতি দিয়া নহয়:

  • নৃতত্ব বিজ্ঞান আৰু সমাজতত্ব
  • গণিত আৰু পৰিসংখ্যা
  • দৰ্শন আৰু মনোবিজ্ঞান
  • কৃষি আৰু পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান
  • অভিযান্ত্ৰিক বিষয়ৰ এটাতকৈ অধিক নহয়

যোগ্যতা নিৰ্ধাৰণ কৰা ভাষাৰ প্ৰশ্নকাকত (দশম শ্ৰেণী স্তৰৰ)

প্ৰশ্নকাকত-এ | ৩০০ নম্বৰ | ৩ ঘন্টা

অসমীয়া, বাংলা আৰু বড়োৰ যিকোনো এটা ভাষা।

ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ওপৰোক্ত ভাষাসমূহ অধ্যয়ণ নকৰা প্ৰাৰ্থীসকলক যোগ্যতা নিৰ্ধাৰণ কৰা ভাষাৰ প্ৰশ্নকাকতৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা ৰেহায় দিয়া হয়।

প্ৰশ্নকাকত-বি| ইংৰাজী| ৩০০ নম্বৰ | ৩ ঘন্টা

সাক্ষাৎকাৰ পৰীক্ষা

সাক্ষাৎকাৰ
লিখিত পৰীক্ষাত যোগ্যতা লাভ কৰাৰ পিছত
মুঠ নম্বৰ – ২৭৫

সাক্ষাৎকাৰটো হৈছে এপিএছচি নিয়োগ প্ৰক্ৰিয়াৰ চূড়ান্ত পৰ্ব। এপিএছচিৰ মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব পাৰে। ইয়াৰ বাবে ১৭৫ নম্বৰ আছে। সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীৰ সংখ্যা খালী পদৰ সংখ্যাৰ দুগুণ হ’ব। সাক্ষাৎকাৰত দুজন লোকে এটা পদত অংশগ্ৰহণ কৰিব। বেছিভাগ সাক্ষাৎগ্ৰহণকাৰীয়ে আপোনাৰ সৈতে সম্পৰ্কিত প্ৰশ্ন, আপোনাৰ ক্ষেত্ৰ আৰু সাধাৰণ জ্ঞান সুধিব। প্ৰশ্নবোৰৰ উত্তৰ দিওতে স্মাৰ্ট আৰু আত্মবিশ্বাসী হোৱা দৰকাৰ।

সাক্ষাৎকাৰৰ সময়ত, সাক্ষাৎগ্ৰহণকাৰীয়ে আপোনাৰ নোজোখে, কিয়নো ইয়াক ইতিমধ্যে প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাত দুবাৰ পৰীক্ষা কৰা হৈছিল। সাক্ষাৎকাৰত আপোনাৰ ব্যক্তিত্ব, বুদ্ধিমত্তা, আত্মবিশ্বাস আৰু যোগাযোগৰ দক্ষতা পৰীক্ষা কৰা হয়। গতিকে সাক্ষাৎকাৰৰ সময়ত আত্মবিশ্বাসী হওক আৰু আপুনি কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ বিফল হ’লেও নাৰ্ভাচ নকৰিব। স্পষ্ট আৰু আত্মবিশ্বাসী কণ্ঠৰে বৰ্ণনা কৰিবলৈ নোৱাৰিলে আপোনাৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়ক। যদি তেওঁলোকে অনুমতি দিয়ে আপুনি উত্তৰ দিবলৈ আপোনাৰ সময় ল’ব পাৰে। আপোনাৰ জ্ঞান প্ৰদৰ্শন নকৰিব, বা অধিক স্মাৰ্ট নহ’ব। অন্যথা, তেওঁলোকে আপোনাক ধৰিব, আৰু আপুনি সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আপুনি সমস্যাত পৰিব। যদি আপুনি অনুভৱ কৰে যে আপুনি কোনো ভুল কৰিছে, কেৱল দুঃখিত বুলি প্ৰকাশ কৰক আৰু আপোনাৰ পৰৱৰ্তী উত্তৰ আৰম্ভ কৰক। সাক্ষাৎগ্ৰহণকাৰীসকলে আপোনাক ভালদৰে জানে; তেওঁলোক অভিজ্ঞতাপ্ৰাপ্ত লোক। গতিকে আপুনি নিষ্ঠাৱান হোৱাটো প্ৰয়োজনীয়।

মূল পৰীক্ষাৰ মুঠ নম্বৰ:.

লিখিত পৰীক্ষা (প্ৰশ্নকাকত ১ ৰ পৰা প্ৰশ্নকাকত ৮ লৈ) = ২০০০

সাক্ষাৎকাৰ (লিখিত পৰীক্ষাত যোগ্যতা লাভ কৰাৰ পাছত) = ২৭৫

মুঠ নম্বৰ – ২২৭৫

বাতৰি কাকত পঢ়া আৰু এপিএছচি ৱেবছাইট অনুসৰণ কৰাটো সকলো পৰীক্ষাৰ্থীৰ বাবে যথেষ্ঠ প্ৰয়োজনীয়। আৰু সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত, পাঠ্যক্ৰম বা Syllabus হৈছে প্ৰাৰ্থীৰ বাবে বাইবেল স্বৰূপ। পাঠ্যক্ৰম অনুযায়ী প্ৰাৰ্থীয়ে সুচাৰু ৰূপে প্ৰস্তুতি চলালে সুফল নিশ্চয়কৈ পাব।

যদি আপুনি এই লেখাত কোনো ভুল পায়, কোনো আপডেটৰ প্ৰয়োজন বা অসামৰিক সেৱাৰ বিষয়ে অধিক নিবন্ধ বিচাৰে, মন্তব্য বাকচ বা ই-মেইলৰ যোগেৰে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে

এপিএছচি ৱেবছাইটৰ  লিংকটো ইয়াত উল্লেখ কৰা হৈছে।

 

 

 

loading...

COMMENTS

WORDPRESS: 0