বছৰৰ বিশেষ দিনবোৰ আমি কেতিয়া আৰু কিয় পালন কৰো?

Homeশিক্ষা

বছৰৰ বিশেষ দিনবোৰ আমি কেতিয়া আৰু কিয় পালন কৰো?

ভাৰতত জাৰ্মান ভাষা শিক্ষা, ইয়াৰ সুবিধা, পাঠ্যক্ৰম আৰু গুৰুত্ব
আপোনাৰ Curriculum Vitae বা Resume খন কেনেকৈ প্ৰস্তুত কৰিব?
বিশ্বৰ সৰ্বাধিক প্ৰচলিত প্ৰথম ১০ টা ভাষা

বছৰটোত এনে বহু দিন থাকে যিসমূহ আমি বিশেষভাবে পালন কৰো। এই দিনসমূহ পালনৰো বিশেষ তাত্পৰ্য থাকে। হয়তো বহুতেই প্ৰতি দিনেই জানিব বিচাৰে আজিৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় বা আজিৰ দিনটোৰ বিশেষত্ব কি।

বিশ্বত বিশেষ দিনৰ তালিকাখন দেশভেদে বেলেগ হ’ব পাৰে।  আমাৰ দেশত বছৰটোত কোনদিনা কি দিৱস পালন কৰা হয় সেয়া আমি জনাটো দৰকাৰ। এই লেখাত ভাৰতত পালন হোৱা বছৰটোৰ বিশেষ দিনবোৰ আৰু ইয়াৰ বিশেষত্ব দাঙি ধৰা হ’ল।

জানুৱাৰী মাহত পালন কৰা বিশেষ দিনবোৰ:

তাৰিখবিশেষ দিনবিৱৰণ
১ জানুৱাৰীইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন সমগ্ৰ বিশ্বৰ লগতে ভাৰততো পালন কৰা হয়। ভাৰতত এই দিনটো চৰকাৰী বন্ধ থাকে।
৪ জানুৱাৰীবিশ্ব ব্ৰেইল দিৱস World Braille Dayঅন্ধ তথা নেত্ৰহীন সকলৰ মানৱ অধিকাৰৰ পূৰ্ণতাৰ বাবে যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিশ্ব ব্ৰেইল দিৱস পালন কৰা হয়।
৬ জানুৱাৰীবিশ্ব যুদ্ধ অনাথ দিৱসযুদ্ধৰ বাবেই বহু শিশুৱে পিতৃ-মাতৃ তথা আত্মীয় স্বজনক হেৰুৱালগীয়া হয়। তেনে দুৰ্ভগীয়া শিশুসকলৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়।
৯ জানুৱাৰীপ্ৰবাসী ভাৰতীয় দিৱস (NRI Day)বিদেশত থকা ভাৰতীয় লোকসকলৰ ভাৰতৰ প্ৰতি অৱদানক স্বীকৃতি প্ৰদানৰ বাবেই প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয়। ১৯১৫ চনৰ ৯ জানুৱাৰীৰ দিনটোতে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইত উপস্থিত হৈছিল আৰু সেই দিনটোৰ স্মাৰক হিচাপে এই দিৱস পালন কৰা হয়।
১০ জানুৱাৰীবিশ্ব হাঁহি দিৱস (World Laughter Day)বিশ্ব হাঁহি দিৱস সৰ্বপ্ৰথম মুম্বাইত পালন হৈছিল। হাঁহি যোগ আন্দোলনৰ প্ৰতিষ্ঠাপক ডাঃ মদন কাটাৰিয়াই ইয়াৰ আৰম্ভণী কৰিছিল। এতিয়া বিশ্বব্যাপী এই দিৱস পালন হয়।
১০ জানুৱাৰীবিশ্ব হিন্দী দিৱসবিশ্বজুৰি হিন্দী ভাষাৰ প্ৰসাৰ ঘটোৱাৰ উদ্যেশ্যে বিশ্ব হিন্দী দিৱস পালন কৰা হয় হয়। ১৯৭৫ চনৰ ১০ জানুৱাৰীত অনুষ্ঠিত হোৱা বিশ্ব হিন্দী সন্মিলনৰ স্মাৰক হিচাপে ২০০৬ চনৰ পৰা এই দিৱস পালন হৈ আহিছে।
১২ জানুৱাৰীৰাষ্ট্ৰীয় যুৱ দিৱস১২ জানুৱাৰীৰ দিনটো স্বামী বিবেকানন্দৰ জন্মদিন। ১৯৮৪ চনত ভাৰত চৰকাৰে এই দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে।
১৩ জানুৱাৰীলহৰী প্ৰতি বছৰে ১৩ জানুৱাৰীত পঞ্জাৱত লহৰী উত্সৱ অনুষ্ঠিত হয়। ই পঞ্জাৱৰ হিন্দু আৰু শিখসকলে পালন কৰা এটা লোক উত্সৱ।
১৪-১৫ জানুৱাৰীমকৰ সংক্ৰান্তি, ভোগালী বিহু (অসম), পংগল (তামিলনাডু, ১৪-১৭ জানুৱাৰী)হিন্দু বিশ্বাস অনুসৰি এই সময়ছোৱাত মকৰ সংক্ৰান্তি উপলক্ষে ভাৰতৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। এই দিনকেইটাত অসমত ভোগৰ উত্সৱ ভোগালী বিহু উতযাপিত হয়। একেখিনি সময়তে তামিলসকলে কৃষিভিত্তিক উত্সৱ পংগল পালন কৰে।
১৫ জানুৱাৰীসেনা দিৱস১৯৪৯ চনৰ এই দিনটোতে ফিল্ড মাৰ্শ্বল কোন্দানডাৰ এম কাৰিয়াপ্পাৰে ব্ৰিটিছৰ অন্তিমগৰাকী কমাণ্ডাৰ-ইন-চীফ জেনেৰেল চাৰ ফ্ৰেন্সিচ বাটচাৰৰ পৰা প্ৰথমগৰাকী ভাৰতীয় কমাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ স্বীকৃতি হিচাপে সেনা দিৱস পালন কৰা হয়।
২৩ জানুৱাৰীনেতাজী দিৱস ১৮৯৭ চনৰ ২৩ জানুৱাৰীত তেতিয়াৰ বংগ প্ৰদেশৰ কটকত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল।
২৫ জানুৱাৰীৰাষ্ট্ৰীয় ভোটাৰ দিৱসদেশৰ যুৱ ভোটাৰ সকলক ৰাজনৈতিক তথা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্যেশ্যে ২০১১ চনত ভাৰত চৰকাৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱসটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৫০ জনৰ ২৫ জানুৱাৰীত ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা হৈছিল।
২৫ জানুৱাৰীৰাষ্ট্ৰীয় পৰ্যটন দিৱসদেশৰ অৰ্থনীতিত পৰ্যটন উদ্যোগৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৫ জানুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে পালন কৰা হয়।
২৬ জানুৱাৰীভাৰতৰ গণৰাজ্য দিৱস১৯৫০ চনৰ ২৬ জানুৱাৰীতেই ভাৰতৰ সংবিধান বলৱত্ হৈছিল। এই দিনটো ভাৰতৰ গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়।
২৭ জানুৱাৰীআন্তৰ্জাতিক স্মৰণ দিৱস (International day of commemoration)দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত সংঘটিত হোৱা হ’লকাষ্টৰ ট্ৰেজেডিক স্মৰণ কৰি ৰাষ্ট্ৰসংঘই ২৭ জানুৱাৰীৰ দিনটো International day of commemoration হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই গণহত্যাত জাৰ্মানীৰ নাজি চৰকাৰ আৰু তেওঁলোকৰ সহযোগীৰ দ্বাৰা প্ৰায় ৬ মিলিয়ণ ঈহুদি আৰু ১১ মিলিয়ণ অন্য লোকৰ মৃত্যু হৈছিল।
৩০ জানুৱাৰীশ্বহীদ দিৱস১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীক নাথুৰাম গডছেই গুলিয়াই হত্যা কৰিছিল।

ফেব্ৰুৱাৰী মাহত পালন কৰা বিশেষ দিনবোৰ:

তাৰিখবিশেষ দিনবিৱৰণ
১ ফেব্ৰুৱাৰীভাৰতীয় কোষ্ট গাৰ্ড দিৱসভাৰতীয় কোষ্ট গাৰ্ডে এই দিনটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে। ভাৰতীয় কোষ্ট গাৰ্ড সাগৰীয় স্বাস্থ তথা সাগৰীয় আইন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নিয়োজিত থাকে।
২ ফেব্ৰুৱাৰীবিশ্ব জলাশয় দিৱস১৯৭১ চনৰ ২ ফেব্ৰুৱাৰীত বিশ্বৰ কেইবাগৰাকীও পৰিবেশবিদৰ উপস্থিতিত ইৰাণত “Ramsar Convention on Wetlands of International Importance especially as Waterfowl Habitat” চুক্তি স্বাক্ষৰিত হৈছিল। এই দিনটোৰ স্মাৰক হিচাপে প্ৰতিবছৰে ২ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হয়। জলাশয়সমূহ জৈৱবৈচিত্ৰতাৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি এই দিৱসৰ মূল লক্ষ্য।
৪ ফেব্ৰুৱাৰীবিশ্ব কৰ্কট ৰোগ দিৱসকৰ্কট ৰোগৰ বিষয়ে জনসাধাৰণক শিক্ষিত তথা সজাগ কৰি বিশ্বৰ লাখ লাখ লোকক মৃত্যুৰ মুখৰ পৰা বচোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব কৰ্কট ৰোগ দিৱস হিচাপে পালন কৰা হয়।
১২ ফেব্ৰুৱাৰীডাৰৱিন দিৱস এই দিনটোতে প্ৰখ্যাত ভূতত্ববিদ তথা জীৱবিজ্ঞানী চাৰ্লচ ডাৰৱিনৰ জন্ম হৈছিল।
১২ ফেব্ৰুৱাৰীআব্ৰাহাম লিংকনৰ জন্মদিনআব্ৰাহাম লিংকন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। গণতন্ত্ৰৰ সৰ্বসন্মত সংজ্ঞাটো তেঁৱেই আগবঢ়াইছিল। ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেনটুকিত লিংকনৰ জন্ম হৈছিল।
১৩ ফেব্ৰুৱাৰীসৰোজিনী নাইডুৰ জন্মদিনভাৰতৰ স্বাধীনতা সংগ্ৰামী, ৰাজনৈতিক নেত্ৰী তথা কবি সৰোজিনী নাইডুৰ ১৮৭৯ চনৰ ১৩ ফেব্ৰুৱাৰীত হায়দৰাবাদত জন্ম হৈছিল।
১৪ ফেব্ৰুৱাৰীভেলেন্টাইন ডেভেলেন্টাইন ডে অৰ্থাত প্ৰেমৰ দিৱস। প্ৰতিবছৰে ১৪ ফেব্ৰুৱাৰীৰ দিনটোত চেইন্ট ভেলেন্টাইন নামৰ খ্ৰীষ্টান শ্বহীদক সন্মান জনাই এই দিৱস পালন কৰা হয়।
২০ ফেব্ৰুৱাৰীবিশ্ব সামাজিক ন্যায় দিৱসসামাজিক ন্যায়ৰ প্ৰতি উদগনি যোগোৱাৰ অৰ্থে বিশ্বজুৰি ২০ ফেব্ৰুৱাৰীৰ দিনটো সামাজিক ন্যায় দিৱস হিচাপে পালন কৰা হয়। দাৰিদ্য, বর্জিত, লিঙ্গ সমতা, নিবনুৱা, মানবাধিকাৰ তথা সামাজিক সুৰক্ষা আদি বিষয় ইয়াত সন্নিবিষ্ট হয়।
২১ ফেব্ৰুৱাৰীআন্তৰ্জাতিক মাতৃভাষা দিৱসভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত এই দিনটো ইউনেস্ক’ই ঘোষণা কৰিছিল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ইয়াক স্বীকৃতি দিছিল।
২৪ ফেব্ৰুৱাৰীকেন্দ্ৰীয় আৱকাৰী দিৱসপ্ৰতিবছৰে Central Board of Excise and Custom (CBEC) ৰ সকলক সন্মান জনাই ভাৰতত কেন্দ্ৰীয় আৱকাৰী দিৱস পালন কৰা হয়।
২৮ ফেব্ৰুৱাৰীৰাষ্ট্ৰীয় বিজ্ঞান দিৱসন’বেল বঁটা বিজয়ী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমণে “Raman Effect” আৱিস্কাৰ কৰা দিনটোৰ স্বীকৃতি হিচাপে প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।

অনুগ্ৰহ কৰি এই লেখাৰ পৰৱৰ্তী অংশৰ বাবে অপেক্ষা কৰক।

loading...

COMMENTS

WORDPRESS: 2