ভাৰতৰ পেৰামিলিটাৰী ফৰ্চসমূহ : দেশৰ সুৰক্ষাত জড়িত এই বাহিনীসমূহৰ কিছু কথা

Homeশিক্ষা

ভাৰতৰ পেৰামিলিটাৰী ফৰ্চসমূহ : দেশৰ সুৰক্ষাত জড়িত এই বাহিনীসমূহৰ কিছু কথা

কলা শাখা :  বৰ্তমান সময়ত ইয়াৰ বিস্তৃতি আৰু প্ৰাসংগিকতা
অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ বিষয়ে জানো আহক
হান্টা ভাইৰাছ কি আৰু ই কিমান ভয়াৱহ?

 

আপুনি নিশ্চয়কৈ জানে যে ভাৰতৰ সামৰিক বাহিনী বিশ্বত লেখত ল’বলগীয়া। দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে সামৰিক বাহিনীসমূহে অহৰহ সেৱা আগবঢ়াই আহিছে। ভাৰতৰ সেনা বাহিনী তিনিটা ভাগত বিভক্ত – স্থল সেনা, নৌ সেনা আৰু বায়ু সেনা। কিন্তু আমি হয়তো বহুতেই নাজানো ভাৰতত এই তিনিটা সেনাবাহিনী থকাৰ উপৰিও আৰু কেইবাটাও সশস্ত্ৰ বাহিনী আছে, যিসমূহক ‘পেৰামিলিটাৰী ফৰ্চ’ বুলি কোৱা হয়।

দেশৰ আভ্যন্তৰিণ তথা বাহ্যিক ক্ষেত্ৰৰ সুৰক্ষাত এই পেৰামিলিটাৰী ফ’ৰ্চসমূহ নিয়োজিত হৈছে আছে। ভাৰতৰ মুঠ ভাৰতত সাতটা পেৰামিলিটাৰী ফ’ৰ্চ আছে। এই বাহিনীসমূহ দেশৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ।

সাধাৰণতে ভাৰতত চৰকাৰীভাবে ‘পেৰামিলিটাৰী’ শব্দটো ব্যৱহাৰ নহয়। ইয়াৰ সলনি ‘পেৰামিলিটাৰী’ গোটসমূহক ভাৰতত ‘Central Armed Police Forces’ বুলি কোৱা হয়। এই বাহিনীসমূহৰ সংক্ষিপ্ত বিৱৰণ এই লেখাত দাঙি ধৰা হৈছে।

আচাম ৰাইফলচ

  • আচাম ৰাইফলচ ভাৰতৰ সকলোতকৈ পুৰণি পেৰামিলিটাৰী ফ’ৰ্চ আছে। ১৮৩৫ চনত গঠন হৈছিল এই বাহিনীটো। গঠনৰ সময়ত ইয়াৰ নাম আছিল ‘কাচাৰ লেভী’।
  • দেশৰ গৃহ মন্ত্ৰণালয়ৰ হৈ ভাৰতীয় সেনাবাহিনীৰ এজন লেঃ জেনেৰেল এই বাহিনীৰ নেতৃত্বত থাকে। বৰ্তমান এই বাহিনীত ৬০ হাজাৰৰো অধিক সৈনিক আছে।
  • আচাম ৰাইফলচৰ মুখ্য কাৰ্যালয় শ্বিলঙত।

সীমা সুৰক্ষা বাহিনী (BSF)

  • সীমা সুৰক্ষা বাহিনী বা Border Security Force ভাৰতৰ সীমান্তৰ সুৰক্ষাত নিয়োজিত।
  • ১৯৬৫ চনৰ ১ ডিছেম্বৰত এই বাহিনীটো গঠন হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত।
  • প্ৰায় ২ লাখ ৬০ হাজাৰ জোৱানেৰে বি এছ এফ বৰ্তমান বিশ্বৰ সৰ্ববৃহত্ সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা বাহিনী। ইয়াক ভাৰতৰ ‘First line of defense’ বুলিও কোৱা হয়।

চেন্ট্ৰেল ইণ্ডাষ্ট্ৰীয়েল চিকিউৰিটি ফ’ৰ্চ (CISF)

  • দেশৰ ঔদ্যোগিক খণ্ডৰ সুৰক্ষাৰ বাবে ১৯৬৯ চনৰ ১০ মাৰ্চত CISF গঠন হৈছিল। অৱশ্যে, ১৯৮৩ চনৰ ১৫ জুনত ইয়াক এটা সশস্ত্ৰ বাহিনীৰ ৰূপ দিয়া হৈছিল।
  • প্ৰায় ১ লাখ ৪৮ হাজাৰ জোৱানেৰে ই এটা বৃহত বাহিনী। ভি আই পি নিৰাপত্তা আৰু দূৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো এই বাহিনীক নিয়োগ কৰা হয়।
  • নতুন দিল্লীত CISF ৰ মুখ্য কাৰ্যালয়। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া এগৰাকী এই বাহিনীৰ সঞ্চালক প্ৰধান (Director General)ৰ দায়িত্বত থাকে।

চি আৰ পি এফ

  • কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী বা CRPF ভাৰতৰ সৰ্ববৃহত্ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী।
  • ১৯৩৯ চনৰ ২৭ জুলাইত ব্ৰিটিছ চৰকাৰে  Crown Representative’s Police হিচাপে এই বাহিনীটো গঠন কৰিছিল। ভাৰতৰ স্বাধীনতাৰ পাছত ইয়াৰ নাম CRPF কৰা হয়।
  • CRPF বিশেষকৈ আইন শৃংখলা আৰু উগ্ৰপন্থী বিৰোধী দায়িত্বত নিয়োজিত থাকে। বৰ্তমান এই বাহিনীত প্ৰায় ৩ লাখ ১৫ হাজাৰ জোৱান নিয়োজিত আছে।
  • CRPF ৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। এজন ভাৰতীয় আৰক্ষী সেৱাৰ শীৰ্ষ বিষয়া এই বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে থাকে।

ইণ্ডো-তিবেটিয়ান বৰ্ডাৰ পুলিচ (ITBP)

  • ১৯৬২ চনৰ ২৪ অক্টোবৰত চীন-ভাৰতৰ যুদ্ধৰ সময়ত ইণ্ডো তিবেটিয়ান বৰ্ডাৰ পুলিচ চমুকৈ ITBP গঠন কৰা হৈছিল।
  • ITBP মূলতঃ ভাৰত আৰু তিব্বতৰ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থাকে।
  • ITBP ত বৰ্তমান ৫ টা ফ্ৰন্টেয়াৰ আৰু ১৫ টা চেক্টৰৰ সৈতে মুঠ ৬০  টা বেটেলিয়ন আছে আৰু প্ৰায় ৯০ হাজাৰ জোৱান নিয়োজিত হৈ আছে।

নেশ্যনেল চিকিউৰিটি গাৰ্ড (NSG)

  • ভাৰত চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদ বিৰোধী সশস্ত্ৰ বাহিনী নেশ্যনেল চিকিউৰিটি গাৰ্ড বা NSG।
  • ১৯৮৪ চনৰ ১৫ অক্টোবৰত ইয়াৰ গঠন হৈছিল। পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত হোৱা ‘অপাৰেশ্যন ব্লু ষ্টাৰ’ৰ পাছতেই এই বাহিনীটো গঠন কৰা হৈছিল। ইয়াক The Black Cats বুলিও কোৱা হয়।
  • দেশৰ বহুকেইটা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে হোৱা অপাৰেশ্যনৰ নেতৃত্ব লৈছে NSG য়ে।
  • প্ৰায় ৭ হাজাৰ জোৱানৰ এই বাহিনীটোৰ নেতৃত্বত এজন সঞ্চালক প্ৰধান থাকে।

সশস্ত্ৰ সীমা বল (SSB)

  • ১৯৬৩ চনৰ ২০ ডিছেম্বৰত ভাৰত চৰকাৰে স্পেচিয়েল চাৰ্ভিচ ব্যুৰ’ (SSB) নামেৰে এটা বাহিনী গঠন কৰিছিল আৰু ২০০১ চনত ইয়াৰ নাম সলনি কৰি সশস্ত্ৰ সীমা বল কৰা হয়।
  • ১৯৬২ চনৰ চীন ভাৰতৰ যুদ্ধৰ পাছত সীমান্তত চীনা সৈন্যৰ আগ্ৰাসী ৰূপৰ বিৰূদ্ধে ভাৰতৰ শক্তি সুনিশ্চিত কৰিবলৈ এই বাহিনী গঠন কৰা হৈছিল।
  • পূৰ্বতে সীমান্তবাসীৰ সুৰক্ষা আৰু শান্তি অক্ষুন্ন ৰখা এই বাহিনীৰ দায়িত্ব আছিল। বৰ্তমান এই বাহিনীটো সীমান্তত হ’ব বিভিন্ন অপৰাধ আৰু দেশ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধেও নিয়োজিত।
  • SSB ত বৰ্তমান প্ৰায় ৯৫ হাজাৰ জোৱান নিয়োজিত আছে আৰু এজন সঞ্চালক প্ৰধান বাহিনীটোৰ নেতৃত্বত থাকে।
loading...

COMMENTS

WORDPRESS: 0