ভাৰতত জাৰ্মান ভাষা শিক্ষা, ইয়াৰ সুবিধা, পাঠ্যক্ৰম আৰু গুৰুত্ব

Homeশিক্ষা

ভাৰতত জাৰ্মান ভাষা শিক্ষা, ইয়াৰ সুবিধা, পাঠ্যক্ৰম আৰু গুৰুত্ব

শিক্ষাতত্ব: কলা শাখাৰে ভৱিষ্যত গঢ়িবলৈ ই হ’ব পাৰে এক সুন্দৰ বিষয়
ভাৰতৰ লেখত ল’বলগীয়া পৰিবেশ আন্দোলনসমূহৰ চমু আভাস
Liberal Arts: অসমৰ বাবে নতুন এই পাঠ্যক্ৰম আৰম্ভ কৰিছে কটন বিশ্ববিদ্যালয়ে

সম্প্ৰতি, গোলকীকৰণৰ বৰ্ধিত হাৰে পৃথিৱীখনক ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতৰ কৰি আনিছে। এয়া সম্ভৱ হৈছে একমাত্ৰ উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত। কাৰিকৰী দিশৰ এনে জয়জয় ময়ময় দিনত কেৱল আঞ্চলিক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে খাপ খাই চলাটোৱেই দূৰুহ হৈ পৰিব। প্ৰতিটো খোজতেই মানুহ প্ৰতিযোগিতাত নামিবলগীয়া হৈছে। সেইহেতুকে নিজকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্ঞানেৰে সমৃদ্ধ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে একাধিক ভাষাজ্ঞানে।

পোনপ্ৰথমেই নাম লব লাগিব ইংৰাজী ভাষাৰ। বৰ্তমান সময়ত ন্যূনতম ব্যৱহাৰিক ইংৰাজী নজনা লোক বিভিন্ন সময়ত কেনে শলঠেকত পৰিবলগীয়া হয় সেয়া সহজেই অনুমেয়। ইয়াতকৈ এখোপ ওপৰত আহে বিদেশী ভাষাবোৰ। স্পষ্ট ভাষাত ক’বলৈ গ’লে উন্নত দেশত প্ৰচলিত ভাষাবোৰ, কাৰণ এই দেশবোৰেই সম্প্ৰতি উন্নতিৰ ধ্বজাবাহক। ইংৰাজী যদিও বিদেশৰ ভাষা, ই এতিয়া সৰ্বব্যাপী হৈ পৰিছে আৰু ইয়াক কোনেও বিদেশী ভাষা বুলি নকয়।

ভাৰতবৰ্ষত জনপ্ৰিয় হৈ উঠা বিদেশী ভাষাসমূহৰ ভিতৰত অন্যতম হৈছে জাৰ্মান। ই হৈছে ইউৰোপৰ বহুল প্ৰচলিত আৰু অতিকৈ চহকী সাহিত্যৰ মেটভৰা ভাৰসমৃদ্ধ এক ভাষা। প্ৰায় ২০০ মিলিয়ন মানুহে এই ভাষা ব্যৱহাৰ কৰে। জাৰ্মানটো আচলতে ইংৰাজসকলে দিয়া নাম। ইয়াৰ প্ৰকৃত নাম হৈছে ডয়চ্ছ্ (DEUTSCH)। সৰ্বাধিক জাৰ্মান ব্যৱহৃত হোৱা দেশকেইখন হৈছে জাৰ্মানী, অষ্ট্ৰিয়া, চুইজাৰলেণ্ড, লিখটেনষ্টাইন, বেলজিয়াম আৰু লাক্সেমবৰ্গ।

ভাৰতবৰ্ষত জাৰ্মান ভাষা শিক্ষাৰ গুৰি ধৰোতা হ’ল গ্যোঠে ইনষ্টিটুট (GOETHE INSTITUT) বা মেক্সম্যুলাৰ ভৱন। দিল্লী, মুম্বাই, কলকাতা, পুণে, চেন্নাই, বাংগালুৰু, তিৰুৱনন্তপুৰম, ৰুৰকেল্লা, জয়পুৰ, কইম্বটুৰ, হায়দৰাবাদ, চণ্ডীগড় আৰু আহমেদাবাদত ইয়াৰ কাৰ্যালয় আছে। এওঁলোকে জাৰ্মান ভাষা-শিক্ষাক ছটা ভাগত বিভক্ত কৰি পাঠ্যক্ৰম (A1, A2, B1, B2, C1, C2) প্ৰস্তুত কৰিছে। ইয়াত ভৰ্তি হ’বলৈ কেৱল মাচুল আদায় দিব লাগে, ইয়াত বয়সৰ কোনো সীমা নাই। পাঠ্যক্ৰমৰ সমাপ্তিত এওঁলোকে প্ৰমাণ-পত্ৰ প্ৰদান কৰে আৰু এই প্ৰমাণ-পত্ৰ সকলোধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠানে গ্ৰহণ কৰে।

একেদৰে, ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত জাৰ্মান ভাষাৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আছে। ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয় । ইয়াৰ ভিতৰত দিল্লী বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, মুম্বাই বিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আদিৰ নাম এই ক্ষেত্ৰত উল্লেখযোগ্য। কিছুমান বিশ্ববিদ্যালয়ত বৈকল্পিক বিষয় (OPTIONAL SUBJECT) হিচাপেও জাৰ্মান ভাষাৰ পাঠ্যক্ৰম আগবঢ়োৱা হৈছে। উদাহৰণস্বৰূপে, অসমৰ তেজপুৰ বিশ্ববিদ্যালয়।

ইয়াৰোপৰি বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানে ডিপ্লমা পাঠ্যক্ৰমত জাৰ্মান ভাষা অন্তৰ্ভুক্ত কৰি পাঠদান কৰি আহিছে। প্ৰাথমিক জাৰ্মান ভাষা-জ্ঞানৰ বাবে এনে পাঠ্যক্ৰম যথেষ্ট । প্ৰাথমিক ভাষা-জ্ঞানৰ ভিতৰত সন্নিবিষ্ট হৈ থাকে নিজৰ পৰিচয় দিয়া বা আনৰ পৰিচয় সোধা, ঠিকনা কোৱা বা দোকানীৰ লগত কথা-বতৰা পতা ইত্যাদি। ভাৰতৰ কেন্দ্ৰীয় বিদ্যালয়সমূহেও ষষ্ঠৰপৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰমত জাৰ্মান ভাষা অন্তৰ্ভুক্ত কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে জাৰ্মান বা সংস্কৃত যিকোনো এটা ভাষা বৈকল্পিক বিষয় হিচাপে লৈ শিকিব পাৰে।

লেখিকাৰ পৰিচয়
এই লেখাৰ লেখিকা দীপশিখা দাস বৰ্তমান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ ভাষাবিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী। ইয়াৰ পূৰ্বে তেওঁ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা জাৰ্মান বিষয়ত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষাবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে। তেওঁ কিছুদিন গুৱাহাটীৰ বৰঝাৰৰ কেন্দ্ৰীয় বিদ্যালয়ত জাৰ্মান বিষয়ত শিক্ষকতাও কৰিছিল। দীপশিখা দাসৰ ঘৰ বৰপেটা জিলাৰ সৰভোগত যদিও তেওঁ বৰ্তমান গুৱাহাটীৰ বাসিন্দা। লেখিকাৰ ই-মেইল: deeps23jnu@gmail.com
loading...

COMMENTS

WORDPRESS: 0