সুধাকন্ঠ ড০ ভূপেন হাজৰিকা পৰিচালিত ছবিসমূহ

Homeশিক্ষা

সুধাকন্ঠ ড০ ভূপেন হাজৰিকা পৰিচালিত ছবিসমূহ

ক’ৰ’ণা ভাইৰাছৰ আতংকত ভাৰতত ২১ দিনীয়া ‘লকডাউন’
প্ৰসিদ্ধ শিল্পী এচ পি বালসুব্ৰমনিয়মৰ বিষয়ে কিছু জানিবলীয়া কথা
Liberal Arts: অসমৰ বাবে নতুন এই পাঠ্যক্ৰম আৰম্ভ কৰিছে কটন বিশ্ববিদ্যালয়ে

সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱনৰ এক অভিন্ন অংশ আছিল চলচ্চিত্ৰ। ভাৰতৰ চলচ্চিত্ৰ ক্ষেত্ৰলৈ সুধাকন্ঠৰ অৱদান আছিল অনন্য আৰু কৈ শেষ কৰিব নোৱাৰা। ১৯৩৯ চনত মুক্তি লাভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’ ছবিৰ পৰাই তেওঁ বোলছবিৰ সৈতে জড়িত হৈ পৰে। ‘ইন্দ্ৰমালতী’ কথাছবিত নেপথ্য সংগীত শিল্পী আছিল ভূপেন হাজৰিকা। পৰৱৰ্তী সময়ত ‘চিৰাজ’ আৰু ‘পিয়লি ফুকন’ কথাছবিতো তেওঁ নেপথ্য শিল্পীৰ ভূমিকা পালন কৰে।

প্ৰায় সাতটা দশক ধৰি অসমীয়াৰ উপৰিও হিন্দী আৰু বাংলাকে ধৰি কেইবাটাও ভাষাৰ ৩০ খনৰো অধিক ছবিৰ সৈতে জড়িত আছিল ভূপেন হাজৰিকা। এইসমূহ ছবিৰ কোনোবাখন তেওঁ পৰিচালনা কৰিছে, কোনোখনৰ সংগীত পৰিচালনা, কোনোখনত নেপথ্য সংগীত গাইছে বা অভিনয় কৰিছে। তেওঁ পৰিচালনা কৰিছে অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ কেইবাখনো ছবি। জানো আহক ভূপেন হাজৰিকাই পৰিচালনা কৰা ছবিসমূহৰ বিষয়ে-

  • ‘এৰা বাটৰ সুৰ’ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন কথাছবি। ১৯৫৬ চনত মুক্তিলাভ ছবিখনে। ‘এৰা বাটৰ সুৰ’ ছবিখনত অভিনয় কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূৰ্য্য ফণী শৰ্মাই।
  • ভূপেন হাজৰিকাই পৰিচালনা কৰা দ্বিতীয়খন ছবি ‘মাহুত বন্ধুৰে’। বাংলা ভাষাৰ এই ছবিখনে মুক্তি লাভ কৰিছিল ১৯৫৮ চনত।
  • ১৯৬১ চনত সুধাকন্ঠ পৰিচালিত ‘শকুন্তলা’ ছবিখনে। মহাকবি কালিদাসৰ ‘অভিজ্ঞানম শকুন্তলম’ৰ আধাৰত নিৰ্মিত ‘শকুন্তলা’ই লাভ কৰিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় সন্মান।
  • ১৯৬৪ চনত ভূপেন হাজৰিকাৰ দ্বাৰা নিৰ্মিত ছবি ‘প্ৰতিধ্বনি’য়ে মুক্তিলাভ কৰে। সেইবছৰত এই ছবিখনেও লাভ কৰিছিল আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় সন্মান। ছবিখন ফ্ৰাঞ্চৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈও আমন্ত্ৰিত হৈছিল।
  • ১৯৬৭ চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাৰ ‘লটি ঘটি’ নামৰ ব্যংগ চলচ্চিত্ৰখনেও লাভ কৰে ৰাষ্ট্ৰীয় সন্মান।
  • ‘চিকমিক বিজুলী’ অসমৰত্ন ভূপেন হাজৰিকাৰ আন এখন সুন্দৰ কথাছবি। ১৯৬৯ চনত মুক্তিলাভ কৰে ছবিখনে।
  • ১৯৭৪ চনত অৰুণাচল প্ৰদেশ চৰকাৰৰ অনুৰোধ মৰ্মে সুধাকন্ঠই ৰাজ্যখনৰ লোক সংগীত আৰু লোকনৃত্য বিষয়ক তথ্যচিত্ৰ ‘For Whom The Sun Shines’ নিৰ্মাণ কৰে।
  • পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি ‘জয়মতী’ কথাছবিৰ সাত ‘ৰীল’ লৈ ৰূপকোঁৱৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাৰ সহযোগত ১৯৭৬ত তেওঁ নিৰ্মাণ কৰে ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী’ শীৰ্ষক তথ্যচিত্ৰখন।
  • ‘মেৰা ধৰম মেৰি মা’ অৰুণাচল প্ৰদেশৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ হিন্দী কথাছবি। ভূপেন হাজৰিকাই নিৰ্মাণ কৰা এই ছবিখনে মুক্তিলাভ কৰে ১৯৭৬ চনত।
  • ১৯৭৭ চনত উত্তৰ-পূবৰ লোক সংগীত আৰু নৃত্যক লৈ সুধাকন্ঠই কলিকতা দুৰদৰ্শন কেন্দ্ৰৰ বাবে নিৰ্মাণ কৰে ‘Through Melody and Rhythm’ নামৰ তথ্যচিত্ৰখন।
  • তেওঁ পৰিচালনা কৰা কথাছবি ‘মন প্ৰজাপতি’য়ে ১৯৭৯ চনত, ‘স্বীকাৰোক্তি’য়ে ১৯৮৬ চনত আৰু ১৯৮৮ চনত ‘চিৰাজ’ছবিখনে মুক্তিলাভ।
  • আব্দুল মজিদ নিৰ্মিত ‘চামেলি মেমচাব’ বোলছবিৰ বাবে ড০ ভূপেন হাজৰিকাই ১৯৭৫ চনৰ ২৩ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে।

চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণীৰ বাবে ১৯৯২ চনত সুধাকন্ঠ ভূপেন হাজৰিকাই লাভ কৰে ‘দাদাচাহেব ফালকে বঁটা’। একেধাৰে গীতিকাৰ, সাহিত্যিক, গণশিল্পী, ৰাজনীতিক ড০ হাজৰিকাই বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা প্ৰতিটো অৱদানৰ দৰে চলচ্চিত্ৰ ক্ষেত্ৰৰ অৱদানো যুগমীয়া হৈ ৰ’ব।

loading...

COMMENTS

WORDPRESS: 0