প্ৰসিদ্ধ শিল্পী এচ পি বালসুব্ৰমনিয়মৰ বিষয়ে কিছু জানিবলীয়া কথা

Homeশিক্ষা

প্ৰসিদ্ধ শিল্পী এচ পি বালসুব্ৰমনিয়মৰ বিষয়ে কিছু জানিবলীয়া কথা

দেশৰ ভিতৰত আন এখন দেশ, চাওক কোন কেইখন দেশ
চাকৰিৰ সাক্ষাৎকাৰত নিজৰ পৰিচয় কেনেকৈ দাঙি ধৰিব?
অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ বিষয়ে জানো আহক

ভাৰতৰ সংগীত তথা চলচ্চিত্ৰ ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্ৰ এচ পি বালসুব্ৰমনিয়ম। একেধাৰে সুৰকাৰ, নেপথ্য শিল্পী, সংগীত পৰিচালক, অভিনেতা, ডাবিং আৰ্টিষ্ট তথা চলচ্চিত্ৰ প্ৰযোজক বালসুব্ৰমনিয়মৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আছিল অতুলনীয়।

এচ পি বালসুব্ৰমনিয়মৰ সম্পূৰ্ণ নাম শ্ৰীপাঠী পণ্ডিতাৰাধ্যুলা বালাসুব্ৰমনিয়ম, তেওঁক জনা যায়- এচ পি বালু, এচ পি বি আৰু বালু হিচাপেও। ভাৰতীয় ভাষাত ৪০ হাজাৰৰ অধিক গান গাই তেওঁ অভিলেখ সৃষ্টি কৰি থৈছে। ইয়াৰ বাবে তেওঁ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো নাম সন্নিবিষ্ট কৰিছিল বুলি জনা যায়।

বালসুব্ৰমনিয়মৰ বিষয়ে কিছু উল্লেখনীয় কথা জানো আহক-

  • ১৯৪৬ চনৰ ৪ জুনত তেতিয়াৰ মাদ্ৰাছ প্ৰদেশৰ তিৰুভল্লুৰ জিলাৰ কোনেটামপেতত  এচ পি বালসুব্ৰমনিয়মৰ জন্ম.
  • ১৯৬৬ চনৰ ১৫ ডিছেম্বৰত  “শ্ৰী শ্ৰী শ্ৰী মৰ্য়াদা ৰামন্না” নামৰ এখন তেলেগু ছবিত নেপথ্য সংগীতেৰে তেওঁৰ চলচ্চিত্ৰ জগতত প্ৰৱেশ।
  • একেসময়তে “হোটেল ৰাম্বা” নামৰ ছবিখনেৰে প্ৰথম তামিল ছবিজগতত প্ৰবেশ কৰে সুব্ৰমনিয়মে।
  • ১৯৮০ চনত “শংকৰাভাৰণম” নামৰ তেলেগু ছবিখনৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
  • ছবাৰকৈ শ্ৰেষ্ঠ পুৰুষ নেপথ্য শিল্পীৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা স্বনামধ্য শিল্পী বালসুব্ৰমনিয়ম। কানা়ড়া, তেলেগু, তামিল আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ এই সন্মান লাভ কৰিছে।
  • তেলেগু চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ লাভ কৰিছে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সন্মানীয় নন্দী বঁটা। একেদৰে তামিলনাডু আৰু কৰ্ণাটক চৰকাৰেও তেওঁ বহুকেইটা সন্মানেৰে সন্মানিত কৰে।
  • ১৯৮৯ চনত “দিল দিবানা”গীতৰ বাবে বালসুব্ৰমনিয়মে লাভ কৰিছে শ্ৰেষ্ঠ পুৰুষ নেপথ্য শিল্পীৰ ফিল্ম ফেয়াৰ এৱাৰ্ড।
  • ভাৰতীয় চলচ্চিত্ৰ খনত বালসুব্ৰমনিয়মৰ জীৱনযোৰা সাধনাৰ স্বীকৃতি হিচাপ ভাৰত চৰকাৰে ২০১২ চনত তেওঁলৈ আগবঢ়ায় এন টি আৰ নেশ্যনেল এৱাৰ্ড।
  • ২০১৬ চনত “ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটি অৱ দ্য ইয়েৰ” হিচাপে সুব্ৰমনিয়মে লাভ কৰে “চিলভাৰ পিকক মেডেল”।
  • ২০০১ চনত “পদ্মশ্ৰী” সন্মান লাভ কৰা এচ পি সুব্ৰমনিয়মক ২০১১ চনত ভাৰত চৰকাৰে প্ৰদান কৰে সন্মানীয় “পদ্মভূষণ” সন্মান।
  • ২০২০ চনৰ ৫ আগষ্টত তেওঁ ক’ৰ’ণা অতিমাৰীত আক্ৰান্ত হয় আৰু তেওঁ চেন্নাইৰ এম জি এম হেলথকেয়াৰ নামৰ চিকিত্সালয়ত ভৰ্তী কৰোৱা হয়। পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু তেওঁক লাইফ চাপ’ৰ্টত ৰাখিবলগীয়া হয়। ২৫ ছেপ্টেম্বৰত চিকিত্সাধীন অৱস্থাতে তেও শেষ নিশ্বাস ত্যাগ কৰে।
loading...

COMMENTS

WORDPRESS: 0