ভাৰতৰ লেখত ল’বলগীয়া পৰিবেশ আন্দোলনসমূহৰ চমু আভাস

Homeশিক্ষা

ভাৰতৰ লেখত ল’বলগীয়া পৰিবেশ আন্দোলনসমূহৰ চমু আভাস

আপোনাৰ Curriculum Vitae বা Resume খন কেনেকৈ প্ৰস্তুত কৰিব?
বিশ্বৰ কোনকেইখন দেশৰ সংবিধানৰ প্ৰভাৱ আছে ভাৰতৰ সংবিধানত?
হান্টা ভাইৰাছ কি আৰু ই কিমান ভয়াৱহ?

বিশ্বত পৰিবেশ এতিয়াও বহু সুৰক্ষিত হৈ আছে কাৰণ পৰিবেশক ভালপোৱা মানুহ এতিয়াও বহু আছে। চৰকাৰ বা অন্য কোনো সংস্থাৰ কোনো কাৰ্যকলাপে পৰিবেশলৈ ভাবুকি নমাই অনা বা তেনে সম্ভাৱনা থকাৰ ঘটনা বহু ঘটে। কিন্তু পৰিবেশক সুৰক্ষা প্ৰদানৰ হকে ওলাই অহা কিছুসংখ্যক সচেতন লোকৰ বাবেই তেনে আঁচনি বন্ধ হোৱাৰ বহু উদাহৰণ বিশ্বত পোৱা যায়।

ভাৰততো বিভিন্ন সময়ত বিভিন্ন স্থানত পৰিবেশ সুৰক্ষাৰ বাবে সংগ্ৰাম হৈছে। এই সংগ্ৰামত ৰাইজৰ জয় হৈছে আৰু পৰিবেশৰ সুৰক্ষাৰ বাবে পথ প্ৰশস্ত হৈছে। সেইসমূহ ৰূপ পাইছে সুন্দৰ ইতিহাসৰ। তলত পৰিবেশ সুৰক্ষাৰ বাবে ভাৰতত হোৱা কেইবাটাও উল্লেখযোগ্য আন্দোলনৰ আভাস দাঙি ধৰা হ’ল।

বিষ্ণই আন্দোলন

  • ৰাজস্থানৰ মাৰোৱাৰ অঞ্চলৰ খেজাৰলি নামৰ গাঁৱত খ্ৰীষ্টীয় ১৭৩০ চনত হৈছিল বিষ্ণই আন্দোলন।
  • সেই ঠাইত বহু গছ কাটি ৰজাই এটা নতুন প্ৰসাদ নিৰ্মাণ কৰিব। কিন্তু গছ কাটিবলৈ অহা ৰজাৰ সৈন্যক বাধা দিছিল অঞ্চলটোৰ বিষ্ণয় সম্প্ৰদায়ৰ লোকে।
  • অমৃতা দেৱী নামৰ এগৰাকী মহিলাৰ নেতত্বত গছসমূহ সাৱতি ধৰি কটাত বাধা দিছিল ৰাইজে। এই আন্দোলনত ৩৬৩ গৰাকী লোকৰ মৃত্যু হৈছিল।
  • পাছত ৰজাই সেই ঠাইলৈ আহি গাঁওবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু সেই অঞ্চল সংৰক্ষণৰ ব্যৱস্থা কৰিছিল।

চিপকো আন্দোলন

  • ১৯৭৩ চনত উত্তৰাখণ্ডৰ আপাৰ অলকানন্দো ভেলীৰ মণ্ডল গাঁৱত চিপকো আন্দোলনৰ আৰম্ভ হৈছিল। পাছত এই আন্দোলন বিভিন্ন জিলালৈ বিয়পি গৈছিল।
  • চৰকাৰে এটা কোম্পানীৰ বনাঞ্চলৰ ভূমি আৱন্টন দিয়াৰ পাছত সেই ঠাইৰ গছ কটাত বাধা দিছিল গাঁওবাসীয়ে। গাঁৱৰ মহিলাসকলে ঘূৰণীয়া হৈ মানৱ শৃংখল কৰি গছবোৰ সাৱতি ধৰিছিল আৰু কটাত বাধা দিছিল।
  • হিন্দী ভাষাত ‘চিপকো’ অৰ্থাত সাৱতি থকা। যাৰ বাবে এই আন্দোলনৰ নাম হয় চিপকো আন্দোলন।
  • এই আন্দোলনৰ নেতৃত্ব দিছিল গান্ধীবাদী তথা প্ৰকৃতিপ্ৰেমী সুন্দৰলাল বহুগুণাই।
  • পৰৱৰ্তী সময়ত চৰকাৰে ৰাইজৰ দাবী মানি ল’বলৈ বাধ্য হৈছিল।

চেভ চাইলেন্ট ভেলী মুভমেন্ট

  • ১৯৭৮ চনত কেৰালাৰ পলাক্কড় জিলাত থকা চাইলেন্ট ভেলী নামৰ এক ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল ৰক্ষাৰ বাবে আন্দোলন হৈছিল।
  • কেৰালা ষ্টেট ইলেক্ট্ৰিচিটি ব’ৰ্ডে চাইলেন্ট ভেলীৰ মাজেৰে বৈ যোৱা কুন্ঠিপুজা নদীত এটা জলবিদ্যুত প্ৰকল্প স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে হৈছিল এই আন্দোলন।
  • কেৰালা শাস্ত্ৰ সাহিত্য পৰিষদ নামৰ এটা এন জি অ’ আৰু আৰু কবি সুগাথাকুমাৰীয়ে নেতৃত্ব দিছিল এই আন্দোলনৰ।
  • আন্দোলনকাৰীৰ প্ৰৱল হেচাত ১৯৮১ চনত তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই চাইলেন্ট ভেলী সংৰক্ষণ হ’ব বুলি ঘোষণা কৰিছিল। লগতে কেন্দ্ৰীয় চৰকাৰে পুনৰ পৰীক্ষণৰ পাছত ১৯৮৩ চনত এই প্ৰকল্প স্থাপনৰ কাম বন্ধ কৰিছিল।

জংঘল বচাও আন্দোলন

  • ১৯৮২ চনত বিহাৰৰ সিংভূম জিলাত একাংশ স্থানীয় জনজাতীয় লোকে জংঘল বচাও আন্দোলন আৰম্ভ কৰিছিল।
  • চৰকাৰে এখন প্ৰাকৃতিক শাল গছেৰে ভৰি থকা বনাঞ্চলক চেগুণ গছৰ বাগিছালৈ পৰিৱৰ্তন ঘটাব বিচৰা কাৰ্যৰ বিৰুদ্ধে হৈছিল এই আন্দোলন।
  • পৰৱৰ্তী সময়ত এই আন্দোলন ঝাৰখণ্ড আৰু উৰিষ্যালৈও বিয়পি পৰিছিল।

এপিকো আন্দোলন

  • ১৯৮৩ চনত কৰ্নাটকৰ চিমোগা জিলাৰ উত্তৰা কানাড়াত এপিকো আন্দোলন হৈছিল।
  • এখন প্ৰাকৃতিক বনাঞ্চলক বানিজ্যিকিকৰণ কৰি ধ্বংসৰ মুখলৈ ঠেলি দিয়া আৰু সেই ঠাইৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়ালৈ বাধা নমাই প্ৰচেষ্টাৰ বিৰুদ্ধে হৈছিল এই আন্দোলন।
  • এপিকো আন্দোলনক স্থানীয় ভাষাত ‘এপিকো চালুভেলি’ কোৱা হয় আৰু ইয়াৰ ‘দক্ষিণৰ চিপকো আন্দোলন’ বুলিও অভিহিত কৰা হয়।
  • এই আন্দোলনৰ পাছত চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰি প্ৰকল্পটো বন্ধ কৰে।

নৰ্মদা বাচাও অভিযান

  • নৰ্মদা নদীৰ ওপৰত নিৰ্মান কৰিবলৈ লোৱা বান্ধক কেন্দ্ৰ কৰি ১৯৮৫ চনত আৰম্ভ হৈছিল শান্তিপূৰ্ণ আন্দোলন।
  • প্ৰথমতে চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণৰ বাবে স্থানান্তৰ হ’বলগীয়া হোৱা লোকৰ পুনৰ সংস্থাপনৰ দাবীত আৰম্ভ হৈছিল আন্দোলন।
  • পাছলৈ নদী বান্ধে প্ৰকৃতিলৈ নমাই অনা ভাবুকিৰ বিৰুদ্ধে চলে এই আন্দোলন। বান্ধৰ উচ্চতা হ্ৰাস কৰাৰ বাবে দাবী কৰে প্ৰকৃতিপ্ৰেমী আৰু স্থানীয়লোকসকলে।
  • এই আন্দোলনৰ নেতৃত্ব দিয়ে মেধা পাটেকাৰ, বাবা আমটেকে ধৰি কেইবাজনো প্ৰকৃতিপ্ৰেমীয়ে।
  • অৱশেষত ২০০০ চনত উচ্চতম ন্যায়ালয়ে ইয়াৰ গোচৰৰ ৰায়দান কৰি বান্ধ নিৰ্মানত অনুমতি দিয়ে যদিও ইয়াৰ উচ্চতা ৯০ মিটাৰলৈ হ্ৰাস কৰাৰ নিৰ্দেশ দিয়ে।

তেহৰি বান্ধ সংঘাট

  • ১৯৯০ চনত উত্তৰাখণ্ডৰ তেহৰি জিলাৰ ভাগিৰথী নদীবান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি হৈছিল এই আন্দোলন।
  • নদীবান্ধৰ বাবে স্থানীয় বাসিন্দাসকলক স্থানান্তৰ আৰু দুৰ্বল পৰিস্থিতি তন্ত্ৰলৈ নমাই অনা সংকটৰ বিৰুদ্ধে হৈছিল এই আন্দোলন।
  • সুন্দৰলাল বহুগুণা এই আন্দোলনৰ নেতৃত্বত আছিল। কিন্তু এই আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বিশেষ সমৰ্থন লাভ কৰিবলৈ সক্ষম নহ’ল।

নামনি সোৱণশিৰি বৃহত নদীবান্ধ বিৰোধী আন্দোলন

  • অসমৰ লক্ষীমপুৰ জিলাৰ গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱনশিৰি বৃহত নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে যোৱা প্ৰায় এটা দশক ধৰি চলি আছে আন্দোলন।
  • এই বান্ধৰ ফলত নামনিত বসবাস কৰা লোকৰ প্ৰতি অহিব পৰা জীৱন আৰু সম্পত্তিৰ ভাবুকিৰ বাবেই এই আন্দোলন আৰম্ভ হয়।
  • সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহু সংগঠনে এই আন্দোলনৰ নেতৃত্ব দি আহিছে।
loading...

COMMENTS

WORDPRESS: 0