ক’ৰ’ণা ভাইৰাছৰ আতংকত ভাৰতত ২১ দিনীয়া ‘লকডাউন’

Homeশিক্ষাসমসাময়িক বা-বাতৰি

ক’ৰ’ণা ভাইৰাছৰ আতংকত ভাৰতত ২১ দিনীয়া ‘লকডাউন’

শিক্ষাতত্ব: কলা শাখাৰে ভৱিষ্যত গঢ়িবলৈ ই হ’ব পাৰে এক সুন্দৰ বিষয়
কলা শাখা :  বৰ্তমান সময়ত ইয়াৰ বিস্তৃতি আৰু প্ৰাসংগিকতা
বিশ্বৰ কোনকেইখন দেশৰ সংবিধানৰ প্ৰভাৱ আছে ভাৰতৰ সংবিধানত?

ভাৰতৰ ইতিহাসত সূদীৰ্ঘ ২১ দিন ধৰি চলা সমগ্ৰ দেশজোৰা ‘লকডাউন’ হয়তো চিৰদিনৰ বাবেই এটা গুৰুত্বপূৰ্ণ ঘটনা হৈ ৰ’ব। মহামাৰীৰ ৰূপ লোৱা নৱেল ক’ৰ’ণা ভাইৰাছ অথবা COVID19 এ সমগ্ৰ বিশ্বৰ লগতে ভাৰতকো শংকিত কৰি ৰখাৰ সময়ত এই ভাইৰাছৰ সামূহিক সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশত ৰূপায়িত ২১ দিনীয়া ‘লকডাউন’।

২০২০চনৰ ২৪ মাৰ্চৰ নিশা ৮ বজাত প্ৰধান মন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি এই ‘লকডাউন’ ঘোষণা কৰে। ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিজন ভাৰতীয়ক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইনিশা ১২ বজাৰ পৰাই কাৰ্যকৰী হ’ল এই ‘লকডাউন’। মোদীৰ এই আহ্বানৰ পাছতেই ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়েও ইয়াৰ বাবে জাননী জাৰি কৰিলে।

এই ২১ দিনীয়া ‘লকডাউন’ত দেশৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিস্থান সকলো ধৰণৰ যাতায়তকে ধৰি সকলো সেৱাই বন্ধ হৈ পৰিল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি নিম্নউল্লেখিত সেৱা সমূহ বন্ধ ৰখা হ’ল আৰু কিছুমান সেৱা অব্যাহত থাকিল।

বন্ধ হ’ল-

◆ ভাৰত চৰকাৰ, ইয়াৰ অধীনস্থ আৰু ৰাজহুৱা নিগমৰ সকলো কাৰ্যালয় বন্ধ থাকিব।
◆ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ, স্বায়ত্তশাসিত পৰিষদসমূহ, নিগম আদি বন্ধ থাকিব।
◆ বাণিজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠান তথা ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব।
◆ বিমান সেৱা, ৰে’ল, পথ আদি পৰিবহণ ব্যৱস্থা বন্ধ থাকিব।
◆ হোটেল, শিক্ষা, প্ৰশিক্ষণ, গৱেষণা, কোচিং প্ৰতিষ্ঠান বন্ধ থাকিব।
◆ ৰাজহুৱা উপাসনাস্থল বন্ধ থাকিব। কোনো ধৰণৰ ধৰ্মীয় সমাবেশৰ অনুমতি দিয়া নহ’ব।
◆ মৃতদেহ সৎকাৰৰ বাবে ২৫ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।
◆ ১৫ ফেব্ৰুৱাৰীৰ পাছত ভাৰতত উপস্থিত হোৱা লোকৰ যিসকলক স্বাস্থ্য সেৱাকৰ্মীয়ে ঘৰ অথবা প্ৰতিষ্ঠানত কোৱাৰেণ্টাইন হৈ থাকিব দিছে, তেওঁলোকে নিৰ্দেশ অমান্য কৰিলে ন্যায়িক শাস্তিৰ সন্মুখীন হ’ব।
◆ এই পদক্ষেপ বলৱতৰ বাবে কাৰ্যবাহী দণ্ডাধীশক স্থানীয়ভাৱে নিয়োগ কৰা হ’ব।
◆ বলবৎকাৰী কৰ্তৃপক্ষই এই কথা লক্ষ্য ৰাখিব লাগিব যে সকলো কঠোৰ নিষেধাজ্ঞা মানুহৰ চলাচলৰ বাধাৰ বাবে অথবা জৰুৰীকালীন সামগ্ৰীৰ প্ৰতি নহয়।

খোলা থাকিল-

◆ প্ৰতিৰক্ষা, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী, কোষাগাৰ, ৰাজহুৱা ব্যৱহাৰযোগ্য সা-সুবিধাসমূহ (পেট্ৰ’লিয়াম, চি এন জি, এল পি জি, পি এন জিকে ধৰি), দুৰ্যোগ ব্যৱস্থাপনা, শক্তি উৎপাদন-বিতৰণ, ডাকঘৰ, এন আই চি,আগতীয়া সতৰ্কবাণী দিয়া সংস্থাসমূহ।
◆ আৰক্ষী, গৃহৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱা, দুৰ্যোগ ব্যৱস্থাপনা আৰু কাৰাগাৰ, চিকিৎসা আৰু জৰুৰীকালীন কৰ্মী, বায়ু আৰু সাগৰৰ কৰ্মী
◆ জিলা প্ৰশাসন, কোষাগাৰ, বিদ্যুৎ যোগান, পানী, চাফাই কৰ্মী, বেংক, বীমা কাৰ্যালয় আৰু এ টি এম, পেট্ৰ’ল ডিপ’, এল পি জি, পেট্ৰ’লিয়াম আৰু গেছৰ খুচুৰা বিপণী আৰু গুডাম, দৰব, চিকিৎসা সঁজুলিৰ ই-কমাৰ্চৰ জৰিয়তে যোগানৰ ব্যৱস্থা
◆ খাদ্য সামগ্ৰী, গেলামাল, ফলমূল আৰু শাক-পাচলি, দুগ্ধজাত সামগ্ৰী আৰু গাখীৰ বিক্ৰী কেন্দ্ৰ, মাংস আৰু মাছ, পশু খাদ্যৰ দোকানসমূহ। শীতল ভঁৰাল, পন্যাগাৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদন গোটসমূহ, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ ৰেচন দোকান। জিলা প্ৰশাসনে ঘৰে ঘৰে সামগ্ৰী যোগান (হোম ডেলিভাৰী) ব্যৱস্থাও কৰিব পাৰিব।
◆ ছপা আৰু ইলেক্ট্ৰনিক সংবাদ মাধ্যম।
◆ দূৰসংযোগ, ইণ্টাৰনেট সেৱা, ব্ৰডকাষ্টিং আৰু কেবল সেৱা, তথ্য প্ৰযুক্তিসম্পন্ন সেৱা (জৰুৰীকালীন সেৱাৰ বাবে), আৰু যথাসম্ভৱ ঘৰৰ পৰা কাম (ৱৰ্ক ফ্ৰম হোম)।
◆ ধাৰাবাহিকভাৱে চলি থকাটো প্ৰয়োজনীয় উৎপাদন গোটসমূহে ৰাজ্য চৰকাৰৰ পৰা অনুমতি লৈ চলাব লাগিব।
◆ তলাবন্ধৰ বাবে আবদ্ধ হৈ পৰা পৰ্যটকসকলক আশ্ৰয় দিয়া হোটেল, হোম ষ্টে, ল’জ আৰু হোটেল আদি, কোৱাৰেণ্টাইনৰ বাবে থকা প্ৰতিষ্ঠান।

loading...

COMMENTS

WORDPRESS: 0