অসমৰ সমসাময়িক বা-বাতৰি (Current Affairs of Assam) ৯ এপ্ৰিল ২০২০

Homeসমসাময়িক বা-বাতৰি

অসমৰ সমসাময়িক বা-বাতৰি (Current Affairs of Assam) ৯ এপ্ৰিল ২০২০

হান্টা ভাইৰাছ কি আৰু ই কিমান ভয়াৱহ?
ক’ৰ’ণা ভাইৰাছৰ আতংকত ভাৰতত ২১ দিনীয়া ‘লকডাউন’
ক’ৰ’ণা ভাইৰাছবিধৰ পৰা ৰক্ষা পাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই দিয়া নিৰ্দেশনা সমূহ
  • নগাওঁ সত্ৰ ন্যায়াধীশৰ আদালতে ধিং সমষ্টিৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন বৃহস্পতিবাৰে নাকচ কৰিছে। ইছলামে এক অডিঅ’ বাৰ্তাত কৰ’নাভাইৰাছৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষ আৰু চিকিৎসাক লৈ আপত্তিজনক মন্তব্য কৰিছিল।

 

  • ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা ল’কডাউনৰ ফলত দেশ তথা ৰাজ্যৰ জনসাধাৰণ এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি ৰাজ্য চৰকালৈ জনাইছে কেইটামান বিশেষ আহ্বান। সাম্প্রতিক জটিল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰে অনতিপলমে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে। ইয়াৰোপৰি দৈনিক মজদুৰ ,কৃষক, শ্ৰমিক,পশুপালক, মীনপালক, চাহ মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালা আদিৰ লগতে দুখীয়া-দৰিদ্র সীমাৰেখাৰ লোকসকলৰ সাহায্যৰ বাবে চৰকাৰে অনতিপলমে এখন “সম্পূর্ণ আঁচনি ” গ্রহণ কৰিবলৈ চৰকাৰক গগৈয়ে আহ্বান জনায়।

 

  • চৰকাৰে জনসমাবেশ অথবা ভিৰ নকৰিবলৈ জনাধাৰণক বাৰেপতি আহ্বান জনাই অহাৰ পিছতো একাংশ ধৰ্মান্ধ লোকে ইয়াক ভেঙুচালি কৰি আছে চৰকাৰী নিৰ্দেশ। ল’কডাউন অব্যাহত থকাৰ সময়তে মহানগৰীৰ ফাঁচি বজাৰ টি আৰ পি ৰোডস্থিত হনুমান মন্দিৰ সন্মুখত ভিৰ কৰাৰ অপৰাধত চাৰিজনক গ্ৰেপ্তাৰ কৰে ফাঁচিবজাৰ আৰক্ষীয়ে

 

  • ল’কডাউন অন্ত পৰাৰ পাছতহে গ্ৰহণ হ’ব মেট্ৰিকৰ ফলাফল দিয়াৰ সিদ্ধান্ত। এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে। একাংশ সংবাদমাধ্যমত জুনৰ দ্বিতীয় সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল দিব বুলি বাতৰি প্ৰকাশ পাইছে। কিন্তু বৰ্তমান ল’কডাউন চলি থকাৰ বাবে তেনে কোনো নির্দিষ্ট সিদ্ধান্ত লোৱা নাই ছেবা কতৃপক্ষই।
loading...

COMMENTS

WORDPRESS: 0