আমাৰ বিষয়ে

জ্ঞানচ’ৰা অসমৰ প্ৰথমটো শৈক্ষিক আৰু পেচাভিত্তিক তথ্যসমৃদ্ধ অসমীয়া ৱেবচাইট। ইয়াক ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু কৰ্মসংস্থানৰ সন্ধানত থকা যুৱক-যুৱতীসকলে এক উৎকৃষ্ট সহায়ক হিচাপে পাব।

এই ৱেবচাইটো হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ অধীনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক ডিজিটেল হাতপুথি স্বৰূপ। ইয়াত পাঠ্যক্ৰমৰ উপৰিও পাঠ্যক্ৰমৰ বাহিৰৰ অথচ আনুসংগিক বিভিন্ন লেখা সন্নিবিষ্ট থাকিব।

জ্ঞানচ’ৰাৰ জৰিয়তে কৰ্মসংস্থানৰ সন্ধানত থকা শিক্ষিত যুৱক-যুৱতীসকলো উপকৃত হ’ব পাৰিব। তেওঁলোকে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ বিভিন্ন চাকৰি সম্পৰ্কীয় খবৰ/বিজ্ঞাপন, বৃত্তিমুখী শিক্ষা সম্পৰ্কীয় বিভিন্ন লেখা আদি এই ৱেবচাইটত লাভ কৰিব।

লগতে আমি দেশ-বিদেশৰ ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, ক্ৰীড়া সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰকাশ কৰিম।